danewsplus.com
danewsplus.com

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ মুখত RSSৰ প্ৰসংগ, কিন্তু কিয়?

0 272

ডিজিটেল ডেস্ক : প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ যো-জা  চলি থকাৰ হুলস্থূলৰ মাজতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফৰ মুখত RSSৰ প্ৰসংগ। ইমৰান খানক আক্ৰমণ কৰি শ্বেহবাজ শ্বৰীফে কয় যে, RSSৰ কিতাপৰ পৰা বহু কথা শিকিছে ইমৰানে৷  সমৰ্থকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰাৰ পৰা আৰক্ষীৰ ওপৰত পেট্ৰ’ল বোমা নিক্ষেপ কৰালৈকে সকলো কথা ইমৰানে RSSৰ কিতাপৰ পৰাই শিকিছে৷ ইমৰানে ন্যায়পালিকাক ভয় খুৱাব বিচাৰিছে বুলিও পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷

শ্বৰীফে লগতে  কয়  যে ইমৰান খানৰ শেহতীয়া কাৰ্যকলাপে তেওঁৰ ফেচিষ্ট আৰু উগ্ৰপন্থী প্ৰৱণতাক উন্মোচিত কৰিছে। লাহোৰৰ ইমৰান খানৰ বাসগৃহত আৰক্ষী উপস্থিত হৈছিল আৰু পঞ্জাৱ আৰক্ষীয়ে ২০ জনতকৈও অধিক দলীয় কৰ্মীক গ্ৰেপ্তাৰ কৰিছে। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ কনভয়ৰ এখন বাহন তোশখানা গোচৰৰ শুনানিৰ কামত ইছলামাবাদলৈ যাওঁতে দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

আনহাতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে টুইট কৰি কয় যে, মই  সকলো গোচৰত জামিন পোৱা স্বত্বেও চৰকাৰে মোক গ্ৰেপ্তাৰ কৰিব বিচাৰিছে। তেওঁলোকৰ বিদ্বেষপূৰ্ণ অভিপ্ৰায় জনা স্বত্বেও, মই ইছলামাবাদ আৰু আদালতলৈ গৈ আছোঁ৷ ইমৰান খানে কয়- মই আইনৰ শাসনত বিশ্বাস কৰো। পঞ্জাৱ আৰক্ষীয়ে জামান পাৰ্কত থকা মোৰ ঘৰত আক্ৰমণ কৰিছে, য’ত বুশ্ৰা বেগম অকলে আছে। তেওঁলোকে কেনে আইনৰ অধীনত এইবোৰ কৰি আছে বুলিও প্ৰশ্ন কৰে৷

Leave A Reply

Your email address will not be published.