danewsplus.com
danewsplus.com

ধূপধৰাত জিলাভিত্তিক শ্ৰী শ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰৰ ১৩৬ তম্ জন্ম মহোৎসৱৰ বিশাল প্ৰস্তুতি

0 500

জানুৱাৰী মাহৰ ২১ তাৰিখ ৰবিবাৰে দিনব্যাপী বিভিন্ন মাঙ্গলিক অনুষ্ঠান সূচীৰে ধূপধৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত গোৱালপাৰা- কামৰূপ সংলগ্ন মুকলি পথাৰত ৫ম্ বাৰ্ষিক গোৱালপাৰা জিলা ভিত্তিক যুগপুৰুষোত্তম্ পৰম প্ৰেমময় শ্ৰী শ্ৰী ঠাকুৰ অনুকুল চন্দ্ৰৰ ১৩৬ তম্ শুভ জন্ম মহোৎসৱৰ বিশাল প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ৷

অনুষ্ঠানটো সাফল্যমন্ডিত কৰিবলৈ ঋতুৰাজ কলিতাক সভাপতি,নিৰ্মলজ্যোতি শীলক উপসভাপতি,মইনাখ শীলক সম্পাদক,গীতুল দাস আৰু ধৰ্মৰাজ বিশ্বাসক সহকাৰী সম্পাদক হিচাপে লৈ এখনি শক্তিশালী উৎসৱ উদযাপন সমিতি গঠন কৰা হৈছে ৷

উক্ত দিনা ব্ৰক্ষ্মমূহুৰ্তত বেদ মাঙ্গলিকী,ৰাতিপুৱা ৪:০০বজাত ঊষা কীৰ্তন,৬:১৪ বজাত প্ৰাতঃকালীন বিনতি প্ৰাৰ্থনা,নামজপ আৰু শ্ৰী শ্ৰী ঠাকুৰৰ অমিয় ধৰ্মগ্ৰন্থাদি পাঠ,ৰাতিপুৱা ৮:০০ বজাত সংগীতাঞ্জলী, ৯:৩০ বজাত শুভাযাত্ৰাৰ পিছতে চিত্ৰাংকন প্ৰতিযোগীতা অনুষ্ঠিত হ’ব ৷ ৰাতিপুৱা ১০:০০ বজাত শ্ৰী শ্ৰী ঠাকুৰ,শ্ৰী শ্ৰী বড়মা আৰু শ্ৰী শ্ৰী বড়দাৰ ভোগ নিবেদন কৰা হ’ব ৷ ১০:৩০ বজাত ভজন- কীৰ্তন,ধৰ্মালোচনা আৰু বাৰেবৰণীয়া কৃষ্টি- সংস্কৃতিমুলক অনুষ্ঠানৰ পিছতেই দিনৰ ১১:০০ বজাত মাতৃসন্মিলন অনুষ্ঠিত হ’ব ৷

দিনৰ ১২:০০ বজাত শ্ৰী শ্ৰী ঠাকুৰ ভান্ডাৰৰ প্ৰসাদ বিতৰণ কৰা হ’ব ৷সন্ধিয়া ৪:৫৬ বজাত সন্ধাকালীন বিনতি প্ৰাৰ্থনা ,নামজপ আৰু শ্ৰীশ্ৰী ঠাকুৰৰ অমিয় ধৰ্মগ্ৰন্থাদি পাঠ হোৱাৰ পিছতে আলোকসজ্জা আৰু বিচিত্ৰানুষ্ঠান অনুষ্ঠিত হ’ব ৷অনুষ্ঠানটোত সকলো ভক্তপ্ৰাণ ৰাইজৰ সহায়- সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হৈছে। উৎসৱ পৰিচালনা সমিতিৰ প্ৰচাৰ বিভাগৰ হৈ অজয় কুমাৰ শীলে এক প্ৰেছ বিবৃত্তি যোগে এই কথা জানিবলৈ দিয়ে ৷

Leave A Reply

Your email address will not be published.