danewsplus.com
danewsplus.com

অসমৰ চলচ্চিত্ৰ জগতলৈ সুখবৰ! অসমীয়া চলচ্চিত্ৰ ‘দিঠকত হেৰাল সপোন’লৈ আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ

0 511

আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে অসমীয়া চলচ্চিত্ৰ ‘দিঠকত হেৰাল সপোন’–এ । অভিনেতা তথা পৰিচালক পঙ্কজ পল্লৱ শৰ্মাই আন এক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে চলচ্চিত্ৰখনৰ জৰিয়তে।

মাকন প্ৰিয়া প্ৰডাকচনৰ বেনাৰত অজিত বৰ্মনে প্ৰযোজনা কৰা “দিঠকত হেৰাল সপোন” কথাছবিখনে লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ ।

টেগৰ ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলৰ নেৰেটিভ শাখাত বেষ্ট এচিভমেন্ট পুৰস্কাৰ আগবঢ়োৱা হৈছে “দিঠকত হেৰাল সপোন”লৈ। বিভিন্ন দেশৰ শতাধিক ছবিয়ে অংশগ্ৰহণ কৰা মহোৎসৱত ছবিখনে দেখুওৱা ফলাফলক লৈ সন্তুষ্ট বুলি কয় প্ৰযোজক অজিত বৰ্মনে ।

ছবিখনৰ চিত্ৰনাট্যকাৰ আৰু পৰিচালক পঙ্কজ পল্লৱ শৰ্মা । ছবিখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে মুকুল দাস, পঙ্কজ পল্লৱ শৰ্মা, নীলোৎপল শৰ্মা, দিগন্ত কুমাৰ নাথ, দ্বিজেন্দ্ৰ শৰ্মা, জৰ্জিয়া মেধি আৰু বহুকেইগৰাকী শিল্পীৰ লগতে ৰঙিয়া প্ৰেছ ক্লাবৰ কেইবাগৰাকী সদস্যই ।

ছবিখনৰ সঙ্গীত আৰু গীতৰ কথা অপূৰ্ব বেজবৰুৱা আৰু অজিত বৰ্মনৰ । কণ্ঠশিল্পী অনিমা চৌধুৰী, সুকন্যা গোস্বামী, দেৱৰ্চনা কাশ্যপ আৰু অজিত বৰ্মন । আৱহ সংগীত অৱনী ৰঞ্জন পাঠকৰ । কাহিনী ৰুদ্ৰকান্ত শৰ্মাৰ । চিত্ৰগ্ৰহণ কৰিছে লক্ষী নাথ আৰু সদা হালৈয়ে। মেক আপ অঞ্জু কলিতাৰ।

বিভিন্ন দেশৰ শতাধিক ছবিয়ে অংশগ্ৰহণ কৰা মহোৎসৱখনত ছবিখনে দেখুওৱা ফলাফল সন্তুষ্টিদায়ক বুলি কয় প্ৰযোজক অজিত বৰ্মনে।

Leave A Reply

Your email address will not be published.