danewsplus.com
danewsplus.com

‘হৰিনাৰায়ণ দত্তবৰুৱা আছিল সাধনা, অধ্যয়ন আৰু সমর্পিত উদ্যোগৰ প্রতীক’, হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতাত ড০ প্রদীপজ্যোতি মহন্ত

0 357

ডিজিটেল সংবাদ, গুৱাহাটীঃ ‘শিক্ষা, সাহিত্য আৰু প্ৰকাশন উদ্যোগলৈ হৰিনাৰায়ণ দত্তবৰুৱাই আগবঢ়োৱা অৱদানে অসমৰ বৌদ্ধিক আৰু সামাজিক জীবনটোক এক উন্নত পৰ্যায়লৈ লৈ গৈছিল। তেখেতে সি সাধনাৰে অসমীয়া শিক্ষা, সংস্কৃতি আৰু মুদ্রন-প্রকাশন জগতলৈ একক বৰঙণি যোগালে তাৰ তুলনা পাবলৈ নাই।’ আজি অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ হৰিনাৰায়ণ দত্তবৰুৱা কেন্দ্রীয় পুথিভড়াল কক্ষত আয়োজিত হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতাত এনেদৰে কয় তেজপুৰ বিশ্ববিদ্যালয়ৰ প্রাক্তন অধ্যাপক, সংস্কৃতিৰ গৱেষক ডঃ প্রদীপজ্যোতি মহন্তই।

তেখেতে কয় যে, অসমৰ বৈষ্ণব সাহিত্যৰ সংগ্ৰহ, সম্পাদনা আৰু প্রকাশনত দত্তবৰুৱাই অকল্পনীয় অৱদান আগবঢ়াই গৈছে। মহাপুৰুষ দুজনাৰ সম্পূৰ্ণ ৰচনাৰাজিৰ সংকলন আৰু অন্যান্য ধর্মগ্রন্থ আৰু স্কুলীয়া পাঠ্যপুথিৰ প্ৰকাশন অসমীয়া জাতিলৈ তেখেতৰ এক স্মৰণীয় অৱদান। এইবাৰৰ স্মাৰক বক্তৃতাৰ বিষয় আছিল ‘অসমৰ সমাজ জীৱনত ধর্মগ্রন্থৰ প্রভাৱ আৰু হৰিনাৰায়ণ দত্তবৰুৱাৰ অৱদান।’

উল্লেখযোগ্য যে, হৰিনাৰায়ণ দত্তবৰুৱাৰ নামত অসম ডাউন টাউন বিশ্ববিদ্যালয়ে স্থাপন কৰা এই পুথিভঁড়ালটোৱেই দত্তবৰুৱাৰ নামত প্রতিষ্ঠিত আটাইতকৈ ডাঙৰ অনুষ্ঠান। কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে যোৱা বছৰ পুথিভঁড়ালৰ নৱনির্মিত ভৱনটিৰ দ্বাৰ উন্মোচন কৰিছিল।

জনপ্রিয় কণ্ঠশিল্পী শৰৎ ৰাগৰ কণ্ঠৰ ঘোষাপাঠেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত মাংগলিক বন্তি প্রজ্বলন কৰে ড০ মহন্ত, অসম সাহিত্য সভাৰ সভাপতি ডঃ সূর্যকান্ত হাজৰিকা, স্বপ্ননীল বৰুৱা, ড০ পৰমানন্দ মজুমদাৰ, বিশ্ব দত্ত, হৰিনাৰায়ণ দত্তবৰুৱাৰ কনিষ্ঠ পুত্রজ্যোতিন্দ্ৰ নাৰায়ণ দত্তবৰুৱা আদিয়ে। বৰগীতৰ প্রখ্যাত শিল্পী অনন্ত ওজাৰ প্রশিক্ষণত বিশ্ববিদ্যালয়ৰ ছাত্রছাত্রীসকলে শিকা বৰগীত এটি পৰিবেশনেৰে মূল কাৰ্যসূচী আৰম্ভ হয়।

আদৰণি ভাষণ প্রদান কৰে আচাৰ্য নৰেন্দ্ৰ নাথ দত্তই। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অসম সাহিত্য সভাৰ সভাপতি ড০ সূর্যকান্ত হাজৰিকাই তেখেতৰ ভাষণত হৰিনাৰায়ণ দত্তবৰুৱাৰ কৰ্মৰাজিৰ সামাজিক প্ৰভাৱৰ কথা আলোচনা কৰে। তেখেতে ভাষণত অসমৰ মুদ্রন আৰু প্ৰকাশন জগতলৈ হৰিনাৰায়ণ দত্তবৰুৱাৰ অৱদানৰ কথা বাখ্যা কৰে আৰু চিত্ৰভাগৱত প্রকাশনৰ কথা বিশেষভাবে উল্লেখ কৰে। ভাষণৰ অন্তত তেখেতে আৰু এচ এইচ শৈক্ষিক ন্যাসৰ হৈ ড০ ইভা হাজৰিকাই সচিত্র কীর্তনঘোষাকে ধৰি কেইবাখনো মূল্যবান গ্রন্থ পুথিভঁড়াললৈ আগবঢ়ায় আৰু বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ নৰেন্দ্ৰ নাথ দত্তৰ হাতত অর্পন কৰে।

ড০ কবী গোস্বামীয়ে আঁত ধৰা এই সভাত প্রসিদ্ধ লেখক ডঃ পৰমানন্দ মজুমদাৰ, স্বপ্ননীল বৰুৱা, আলোকচিত্রশিল্পী সমীৰ চৌধুৰী, হৰিনাৰায়ণ দত্তবৰুৱা পৰিয়ালৰ কেইবাগৰাকীও সদস্যও উপস্থিত থাকে। বিশ্বদ্যিালয়ৰ সহযোগী অধ্যাপক ড০ মৃণাল দাসে আদৰণি ভাষণ আৰু শলাগৰ শৰাই আগবঢ়ায় আৰু ছাত্রছাত্রীসকলে পৰিবেশন কৰা সত্ৰীয়া নৃত্যৰে অনুষ্ঠানৰ সামৰণি মৰা হয়।

এই অনুষ্ঠানৰ পাচতেই বিশ্ববিদ্যালয়ৰ মানৱতা আৰু সমাজ বিজ্ঞান বিভাগৰ পৰা নির্মাণ কৰা সাংস্কৃতিক আৰু নৃতত্ব বিষয়ক দুখন গবেষণামূলক তথ্যচিত্ৰৰ প্ৰদৰ্শন কৰা হয়। উলেখযোগ্য যে, এই পুথিভঁড়ালটি মূলতঃ বিশ্ববিদ্যালয়খনিৰ ছাত্র-ছাত্রীৰ বাবে হ’লেও বাহিৰৰ গবেষকৰ বাবেও ইয়াৰ সুবিধা উপলব্ধ কৰোৱা হ’ব। পুথিভঁড়ালটিৰ সংলগ্ন সভাকক্ষত ইতিমধ্যে বিভিন্ন ধৰণৰ গ্রন্থবিষয়ক আলোচনা সভা অনুষ্ঠিত হৈছে। শেহতীয়াভাবে জনপ্রিয় লেখক দুর্জয় দত্তই এনে এখন সভাত ছাত্র-ছাত্রীসকলৰ লগত মত বিনিময় কৰি গৈছে।

Leave A Reply

Your email address will not be published.