danewsplus.com
danewsplus.com

আজি আন্তৰ্জাতিক অলিম্পিক দিৱস

0 149

ডিজিটেল ডেস্ক, ২৩ জুন: প্ৰতি বছৰে ২৩ জুনৰ দিনটো আন্তৰ্জাতিক অলিম্পিক দিৱস হিচাপে পালন কৰা হয়। ক্ৰীড়া আৰু সু- স্বাস্থ্যৰ ক্ষেত্ৰত এই দিৱস উদযাপন কৰা হৈ আহিছে। ১৮৯৪ চনৰ আজিৰ দিনটোতেই পেৰিছত আন্তৰ্জাতিক অলিম্পিক সমিতি প্ৰতিষ্ঠা কৰা হৈছিল। পৰৱৰ্তী সময়ত ১৯৪৮ চনত পোনপ্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল।

ক্ৰীড়াৰ ক্ষেত্ৰখনক প্ৰচাৰ আৰু ক্ৰীড়াক জীৱনৰ এক অবিচ্ছেদ্য অংগ হিচাপে গঢ়ি তোলাৰ বাৰ্তা প্ৰচাৰ কৰাৰ উদ্দেশ্যে অলিম্পিক দিৱস পালন কৰা হয়। প্ৰতি বছৰে অলিম্পিক দিৱসৰ পৃথকে পৃথকে থিম থাকে । এইবাৰো অলিম্পিক দিৱসৰ থিম হৈছে ‘সুস্থ থাকক, সবল থাকক আৰু অলিম্পিক দিৱসৰ শাৰিৰীক অনুশীলনৰ সৈতে সক্ৰিয় হৈ থাকক’।

অলিম্পিক দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শুভেচ্ছা জ্ঞাপন কৰি কয় যে অলিম্পিক খেলত দেশক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলৰ অৱদানক লৈ দেশ যথেষ্ঠ গৌৰৱান্বিত। টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ সদস্যসকলক টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰে মোদীয়ে।

Leave A Reply

Your email address will not be published.