danewsplus.com
danewsplus.com

ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহৰ বিয়াৰ বিলাসী উপহাৰৰ তালিকাই সৰগ ভাঙি পেলাব আপোনাৰো…..

0 140

ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহৰ বিয়াৰ উপহাৰৰ তালিকা শুনিলে আপোনাৰো চকু কপালত উঠিব। সতীৰ্থই দিলে ৩৫ লাখ টকীয়া সোণৰ ক্ৰিকেট বল। কোনে দিলে ৬৮ লাখ টকাৰ ৰেঞ্জ ৰ’ভাৰ গাড়ী? আৰু কোনে কি কি বিলাসী উপহাৰ দিলে জনপ্ৰিয় ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহক?

হয়, কিছুদিন পূৰ্বে জনপ্ৰিয় টিভি চেনেলৰ ঘোষিকা সঞ্জনা গনেশানৰ সৈতে যশপ্ৰীত বুমৰাহৰ বিবাহ সম্পন্ন হয়। দুয়োগৰাকীৰ বিবাহৰ উপহাৰৰ তালিকাই তেনেই এগৰাকী সাধাৰণ লোকৰ এখ বিলাসী বিয়া সম্পন্ন হৈ যাব। কোনে কিমান বিলাসী উপহাৰ দিলে বুমৰাহক সেই সন্দৰ্ভত এখন তালিকা তলত প্ৰকাশ কৰা হ’ল।

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে বুমৰাহক ১৮ লাখ টকীয়া এটা ৰোলেক্স ঘড়ী উপহাৰ দিয়ে। কোহলীৰ অভিনেত্ৰী পত্নী অনুস্কা শৰ্মাইও সঞ্জনা গনেশানক দিলে ১৩ লাখ টকীয়া হীৰাৰ এডাল হাৰ। ৰোহিত শৰ্মাইও সঞ্জনা গনেশানক দিলে ৮০ হেজাৰ টকীয়া এযোৰ সোণৰ কাণফুলি।

ইফালে, সতীৰ্থ ৰবীন্দ্ৰ জাদেজাইও বুমৰাহক দিলে ৩ লাখ টকীয়া প্লেটিনাম ব্ৰেচলেট। য়ুযবেন্দ্ৰা চাহালেও দিলে সঞ্জনা গনেশানক ডি অ ব্ৰেণ্ডৰ ৭ লাখ ৫০ হেজাৰ টকীয়া ঘড়ী। ভাৰতীয় ক্ৰিকেটাৰ কে এল ৰাহুলেও বুমৰাহক ১ লাখ ৫০ হেজাৰ টকীয়া এডাল সোণৰ ব্ৰেচলেট উপহাৰ হিচাপে আগবঢ়ায়।

ক্ৰিকেটাৰ ঋষভ পন্টেও ৩৫ লাখ টকীয়া সোণৰ ক্ৰিকেট বল উপহাৰ দিয়ে। আনহাতে, হাৰ্ডিক পা্ণ্ডেয়াই বুমৰাহ দম্পত্তীক ৬৮ লাখ টকাৰ ৰেঞ্জ ৰ’ভাৰ গাড়ী উপহাৰ দিয়ে। অভিনেতা সুনীল চেট্টাৰ কন্যাইও সঞ্জনা গনেশানক ৩ লাখ ৬০ হেজাৰ টকীয়া এযোৰ লেহেংগা উপহাৰ দিয়ে। বুমৰাহৰ বিয়াৰ উপহাৰৰ তালিকাই এতিয়া সামাজিক মাধ্যমত যথেষ্ঠ খলকনি তুলিছে।

Leave A Reply

Your email address will not be published.