danewsplus.com
danewsplus.com

গুৱাহাটী যান-বাহন আৰক্ষীৰ নতুন নিৰ্দেশ

0 177

গুৱাহাটী: ৰাজ্যত এতিয়া বলিছে নিৰ্বাচনী বতাহ। ১৮ আৰু ১৯ মাৰ্চ তৃতীয় পৰ্যায়ৰ মনোনয়ন দাখিলৰ অন্তিম দিন। ইয়াৰ পৰিপ্ৰেক্ষিততে গুৱাহাটী যান-বাহন আৰক্ষীৰ নতুন নিৰ্দেশৱলী। সলনি কৰা হৈছে মহানগৰৰ যাতায়তৰ পথ। চানমাৰিৰপৰা জালুকবাৰীৰ দিশে অহা যানবাহনসমূহ এই দুয়োটা দিনতে জি এন বি ৰোড, জিলা পুথিভঁৰাল হৈ আৰু ৰিজাৰ্ভ বেংকৰ দিশৰপৰা পাণবজাৰ উৰণীয়া সেতু আৰু এ টি ৰোড হৈ চলাচল কৰিব লাগিব।

আনহাতে উলুবাৰী পৰা জালুকবাৰীলৈ অহা যানবাহনসমূহ এ টি ৰোড হৈ চলাচল কৰিব লাগিব। পল্টনবজাৰৰপৰা ভৰলুমুখলৈ যোৱা যানবাহনসমূহ এম এল এন ৰোড, পাণবজাৰ পুলিচ পইণ্ট আৰু এইচ বি ৰোড হৈ চলাচল কৰিব। ইফালে জালুকবাৰীৰপৰা চানমাৰি, নুনমাটি আৰু দিছপুৰৰ দিশে অহা যানবাহনসমূহ এপ’ল পইণ্ট, এইচ বি ৰোড আৰু এ টি ৰোড হৈ চলিব লাগিব। উজানবজাৰ আৰু খাৰঘূলি ফালৰপৰা পাণবজাৰৰ দিশে অহা বাহনসমূহ তয়বুল্লা ৰোড, জি এন বি ৰোড, আৰ বি আই পইণ্ট হৈ এ টি ৰোড, এম এল এ ৰোড, এইচ বি ৰোডহৈ ভৰলুমুখত ওলাব।

মনোনয়ন পত্ৰ দাখিলৰ দিনটোৰ বাবে যানবাহন আৰক্ষীয়ে বহু ঠাইত ন’ পাৰ্কিঙো ঘোষণা কৰিছে। এইচ বি ৰোড, এম এল এন ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড, এম চি ৰোড, এফ চি ৰোড, জি এন বি ৰোডত পাৰ্কিং কৰিব নোৱাৰিব। আনহাতে পাণবজাৰ পুলিচ ৰিজাৰ্ভৰ সন্মুখত, ছাৰ্ছৰ সন্মুখত, কমাৰপট্টি মছজিদ, বি এছ এন এল কাৰ্যালয় আৰু কটন কলেজিয়েটৰ সন্মুখত পাৰ্কিং নিষিদ্ধ। কেৱল লাচিতঘাট, কালিপুৰৰপৰা ভুতনাথৰ ৰাজপথৰ দুয়োপাৰে, টি চি পইণ্ট, এপ’ল পইণ্টৰপৰা ফুল বাগান, বি আৰ পি ৰোডৰ সন্মুখতহে পাৰ্কিং কৰাৰ অনুমতি দিছে গুৱাহাটী যানবাহন আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.