danewsplus.com
danewsplus.com

ক’ৰোনাত আক্ৰান্ত ধিং এক্সপ্ৰেছ হিমা দাস

0 181

ডিজিটেল ডেস্কঃ ক’ৰোনাত আক্ৰান্ত ধিং এক্সপ্ৰেছ হিমা দাস। পাটিয়ালাত অনুশীলনত ব্যস্ত থকাৰ সময়তে এথলিটগৰাকী আক্ৰান্ত হৈছে ক’ৰোনাত। উল্লেখ্য যে, বৰ্তমান সময়ত হিমা দাসে পৰৱৰ্তী খেলৰ বাবে নিজকে প্ৰস্তুত কৰাত ব্যস্ত। হিমা দাস বৰ্তমান চিকিতসকৰ তত্বাৱধানত থকা বুলি জানিব পৰা গৈছে।

কঠোৰ পৰিশ্ৰমেৰে অসমবাসীক দেশৰ মানচিত্ৰত জিলিকাই তুলিবলৈ সক্ষম হোৱা হিমা মাত্ৰ কেইদিনমান পূৰ্বেহে অসমৰ পৰা পাটিয়ালালৈ গৈছিল। ক’ৰোনাত আক্ৰান্ত হিমা দাসৰ আৰোগ্য কামনা কৰিছে সকলো লোকে।

Leave A Reply

Your email address will not be published.