danewsplus.com
danewsplus.com

অসমৰ দৃষ্টিহীন ক্ৰিকেট দলত স্থান বঢ়মপুৰৰ ৩ ছাত্ৰৰ

0 401

ডিজিটেল ডেক্সঃ অসমৰ প্ৰথমটো দৃষ্টিহীন ক্ৰিকেট দলত স্থান লাভ নগাঁৱৰ বঢ়মপুৰৰ ৩ ছাত্ৰৰ ৷ গুৱাহাটীৰ নুনমাটি ৰিফাইনেৰী খেল পথাৰত আয়োজিত প্ৰশিক্ষণ শিবিৰৰ পৰা নিৰ্বাচিত হৈছে বঢ়মপুৰৰ ৩ ছাত্ৰ৷ দৃষ্টিহীন ক্ৰিকেট দলত স্থান লাভ কৰা তিনি ছাত্ৰই অধ্যয়ন কৰি আছে শ্ৰীমন্ত শংকৰ মিছন অন্ধ বিদ্যালয়ত৷

অসমৰ দলত স্থান লাভ কৰি আকাশ টেৰং, ভাস্কৰ শৰ্মা আৰু দিপক দাসে নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনে৷ কেয়াৰ ফৰ ইউ নামৰ NGO টোৰ উদ্যোগত গুৱাহাটীত আয়োজিত প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষক ৰূপে উপস্থিত থাকে ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট দলৰ উপ অধিনায়ক ভেংকটেছ ৰাও আৰু ভৌমিক৷

দুয়োগৰাকী খেলুৱৈৰ তত্ত্বাৱধানত প্ৰথমবাৰৰ বাবে অসমত দৃষ্টিহীন ক্রিকেট দল গঠন কৰা হয়৷ নতুন কৈ গঠন হোৱা ১৪ জনীয়া দলটোৱে অহা ২৫ তাৰিখে চণ্ডীগড়ত হ’ব লগা এখন বিশেষ কোৱালিফায়িং টুৰ্ণামেণ্টত অসমৰ হৈ ভাগ ল’ব৷ দলটোৰ মুল একাদশত আকাশ টেৰঙে স্থান লাভ কৰিছে৷

Leave A Reply

Your email address will not be published.