danewsplus.com
danewsplus.com

সোমবাৰৰ পৰা দিল্লীত সকলো বাৰ খোলাৰ অনুমতি, ৰেষ্টুৰেণ্টসমূহৰ খোলা ৰখাৰ সময়ো দুঘণ্টালৈ বৃদ্ধি

0 119

ডিজিটেল ডেস্ক, ২০ জুন : দিল্লীৰ ক’ভিড পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হৈছে। ৰাজধানী দিল্লীৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰৰ পৰা দিল্লীত সকলো বাৰ খোলাৰ অনুমতি প্ৰদান দিল্লী চৰকাৰৰ। নিশা ১০ বজালৈ খুলিব পাৰিব সকলো বাৰ। অৱশ্যে ক’ভিড প্ৰট’কল মানি চলি ৫০ শতাংশ আসনেৰে খুলিব পাৰিব।

লগতে ৰেষ্টুৰেণ্টসমূহৰ খোলা ৰখাৰ সময়ো দুঘণ্টালৈ বৃদ্ধি কৰিছে। একেদৰে পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ খুলিব পাৰিব ৰেষ্টুৰেণ্টসমূহ। ইয়াৰোপৰি, কেজৰিৱাল চৰকাৰে ৰাজহুৱা উদ্যান, গল্ফ ক্লাব আৰু অন্যান্য ক্ষেত্ৰসমূহতো খোলা ৰখাৰ অনুমতি প্ৰদান কৰে। সকলো লোককে ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী কেজৰিৱালে।

Leave A Reply

Your email address will not be published.