danewsplus.com
danewsplus.com

কাতাৰ বিশ্বকাপ ফুটবলৰ সময়সূচীত সাল-সলনি

0 139

ডিজিটেল ডেস্কঃ নিৰ্দিষ্ট তাৰিখতকৈ এদিন আগতে আৰম্ভ হ’ব বিশ্বকাপ ফুটবল-২০২২ ৷ ২১ নৱেম্বৰৰ পৰিৱৰ্তে ২০ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ফিফাৰ কাতাৰ বিশ্বকাপ ফুটবল৷ এক ই-মেইলত এইকথা প্ৰকাশ কৰিছে ফিফাই ৷ প্ৰতিযোগিতাৰ সূচীতো কিছু পৰিৱৰ্তন কৰা হৈছে ৷ সাধাৰণতে আয়োজক দেশেই প্ৰথম মেচ খেলে যদিও এইবাৰ বিশ্বকাপৰ উদ্বোধনী মেচ কাতাৰে খেলাৰ কথা নাছিল ৷ নতুন সূচীত এইক্ষেত্ৰত সলনি কৰা হৈছে ৷ প্ৰথম মেচত কাতাৰে প্ৰতিদ্বন্দ্বিতা কৰিব ইকুৱেডৰৰ বিৰুদ্ধে ৷ ২১ নৱেম্বৰত ছেনেগাল আৰু নেদাৰলেণ্ডছৰ মাজত হ’বলগীয়া মেচখন দুপৰীয়া ১ বজাৰ পৰিৱৰ্তে স্থানীয় সময় মতে সন্ধিয়া ৭ বজাত অনুষ্ঠিত হ’ব ৷ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ’ব আল-বায়েত ষ্টেডিয়ামত ৷

Leave A Reply

Your email address will not be published.