danewsplus.com
danewsplus.com

জাতিভেদ, বৰ্ণভেদ প্ৰথাই আজিও গ্ৰাস কৰি আছে অসমীয়া সমাজক

0 126

ডিজিটেল ডেস্ক: জাতিভেদ, বৰ্ণভেদ প্ৰথাই আজিও গ্ৰাস কৰি আছে অসমীয়া সমাজক। এইখন অসমৰে মঙলদৈৰ পতালসিঙ পাৰাৰ গণকচুবাত সামাজিক সংকীৰ্ণতাৰ বলি হ’ল এটা পৰিয়াল। গণকচুবাৰ এই অমানৱীয় ঘটনা জানিলে আপোনাৰো ঘৃণা উপজিব।

উচ্চ বৰ্ণৰ ব্যক্তিয়ে নিম্ন বৰ্ণৰ ছোৱালী বিয়া কৰোৱাৰ বাবেই অঞ্চলটোৰ ৰাইজে জলাঞ্জলি দিলে ধৰ্ম। সৎকাৰৰ বিপৰীতে গাঁত খান্দি পুতি থলে এটা মৃতদেহ। সমাজৰ একাংশ লোকৰ সংকীৰ্ণ মনোভাৱৰ বাবে হিন্দু ৰীতি-নীতি অনুসৰি সৎকাৰ কৰাৰ পৰিবৰ্তে গাঁতত মৃতদেহ পুতি থোৱাত স্তম্ভিত হৈ পৰিছে সচেতন সমাজ।

যোৱা মঙলবাৰে মঙলদৈ গণক চুবাত মৃত্যু হৈছিল অতুল শৰ্মা নামৰ এগৰাকী ব্যক্তিৰ। তাৎপৰ্যপূৰ্ণ বিষয় যে, গণক সম্প্ৰদায়ৰ ব্যক্তি অতুল শৰ্মাৰ মৃত্যুৰ পাছত মৃতদেহ সৎকাৰ কৰিবলৈ নাহিল ওচৰ চুবুৰীয়াৰ কোনো এজন ব্যক্তি। অৱশেষত মৃত অতুল শৰ্মাৰ তিনি ভাতৃয়ে নদীৰ পাৰত গাঁত খান্দি পুতি থয় ।

উল্লেখযোগ্য যে যোৱা প্ৰায় ২৭ বছৰ পূৰ্বে অতুল শৰ্মাই কোঁচ সম্প্ৰদায়ৰ প্ৰণিতা দেৱীক বিয়া কৰাইছিল। সমাজৰ মতে এইটোৱে দোষ আছিল অতুল শৰ্মাৰ। যাৰ বাবে সকলো সামাজিক কামৰ পৰা বঞ্চিত হৈ আহিছে পুত্ৰ জীয়ৰীসহ পত্নী প্ৰণিতা দেৱী। এইবাৰ সম্পূৰ্ণ অমানৱীয়তা প্ৰদৰ্শন কৰি মৃতদেহ সৎকাৰ কৰিবলৈও আগবাঢ়ি নাহিল ওচৰ চুবুৰীয়া। এতিয়া ৰীতি-নীতি অনুসৰি মৃতকৰ কাজ-কৰ্ম কেনেকৈ কৰিব তাক লৈও সমস্যাত পৰিছে পৰিয়ালটো। অন্যহাতে ঘটনাস্থলীত মঙলদৈ আৰক্ষী উপস্থিত হৈ সমগ্ৰ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.