danewsplus.com
danewsplus.com

কংগ্ৰেছৰ পৰা বহিষ্কাৰ একালৰ ‘আঢ়ৈটকীয়া মন্ত্ৰী’ নীলমণিসেন ডেকা

0 164

ডিজিটেল ডেস্ক: কংগ্ৰেছৰ পৰা নীলমণিসেন ডেকাক বহিষ্কাৰ ঘোষণা অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়ে। দলবিৰোধী কাৰ্যকলাপত জড়িতৰ অভিযোগত APCCৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশত বহিষ্কৃত কৰা হ’ল নীলমণিসেন ডেকাই।

‘১ মাহৰ পূৰ্বে নীলমনি সেন ডেকাক কাৰণ দৰ্শোৱা জাননী দিয়া হৈছিল, উত্তৰো দিছিল তেওঁ। তেওঁক মই নিজেও বুজাইছিলো সংযম হৈ কথা ক’বলৈ। কিন্তু ইমানৰ পিছতো একেই কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হ’ল’ ক’লে ভূপেন বৰাই

‘দলতকৈ মোমাই ডাঙৰ নহয়, দলটোৰ কাৰণে কোনো ব্যক্তি গুৰুত্বপূৰ্ণ নহয়, মইও নহয়’ – সাংবাদিকক সম্বোধন কৰি এই ভাষ্য প্ৰদান কৰে APCCৰ সভাপতিগৰাকীয়ে।

দলৰ নিয়মানুবৰ্তীতা থকালৈকে ভূপেন বৰা সভাপতি হৈ থাকিব বুলিও তেঁও মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.