danewsplus.com
danewsplus.com

সাংস্কৃতিক জগতৰ আদৰ্শ গোৱালপাৰা জিলাৰ ধ্ৰুৱ নাৰায়ণ ৰাভা

0 189

অজয় কুমাৰ শীল

এক সাংস্কৃতিবান পৰিয়ালত ধ্ৰুৱ নাৰায়ণ ৰাভাই ১৯৭৬ চনৰ ১জানুৱাৰীত জন্ম গ্ৰহণ কৰিছিল৷ বুনিয়াদী শিক্ষাৰ প্ৰাণকেন্দ্ৰ মালাধৰা চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত তেওঁ শিক্ষা জীৱনৰ পাতনি মেলে ৷ গোৱালপাৰা জিলাৰ আগিয়াস্থিত উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ যোগেন্দ্ৰনাথ মেমোৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ৰাভাই ১৯৯১ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত বিষয়ত লেটাৰ মাৰ্ক সহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কটন কলেজত উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ বিজ্ঞান বিভাগত নাম ভৰ্তি কৰে। কিন্তু বিধিৰ বিপাক যে ১৯৯২ চনত ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী তথা তেওঁৰ পথপ্ৰদৰ্শক স্বৰূপ ককায়েক প্ৰফুল্ল কুমাৰ ৰাভা ক আততায়ীয়ে হত্যা কৰাত তেওঁৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নমাই আনে। ফলত ঘৰলৈ উভতি আহিব লগা হয় আৰু দুধনৈ মহাবিদ্যালয়ৰ পৰা ১৯৯৩ চনত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়।

উক্ত বৰ্ষতে প্ৰাণীবিদ্যাক প্ৰধান বিষয় হিচাপে লৈ গোৱালপাৰা কলেজত নাম ভৰ্তি কৰে ৰাভাই ১৯৯৭ চনত প্ৰাণীবিদ্যাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ৷ স্নাতক ডিগ্ৰী লাভৰ পিচত ১৯৯৯ চনত বামুণডাংগা গভট এম ই স্কুলত সহকাৰী শিক্ষক ৰূপে যোগদান কৰি তেওঁ কৰ্ম জীৱনৰ পাতনি মেলে।

ধ্ৰুৱনাৰায়ণ ৰাভাই স্কুলীয়া দিনৰে পৰাই তেওঁ ৰাভা সকলৰ লগতে অসমৰ বৌধিক জগতৰ বহু লোকৰ সংস্পৰ্শ লাভ কৰিছিল। কাৰণ সেই সময়ৰ বিশিষ্ট যুৱ সমাজকৰ্মী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা ককায়েক প্ৰফুল কুমাৰ ৰাভা (ৰাভা ভাষা চুক্তিৰ প্ৰথম স্বাক্ষৰ কাৰী) ৰ তালৈ সেই সময়ৰ সাহিত্যিক হৰিমোহন সৰকাৰ, জগত কামা, প্ৰকাশ ৰাভা, নিতাই ৰাভা আৰু বাণীকান্ত ৰাভাৰ লগতে অনেক লোকৰ ঘৰলৈ আগমন ঘটিছিল। তেখেতসকলৰ সংস্পৰ্শই ধ্ৰুৱনাৰায়ণ ৰাভাকো সমাজৰ বাবে কিবা এটা কৰাৰ বাবে অনুপ্ৰাণিত কৰিছিল।

১৯৯৩ চনত প্ৰতিষ্ঠা লাভ কৰা গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ তেওঁ এগৰাকী প্ৰতিষ্ঠাপক সাংগঠনিক সম্পাদক আছিল। ১৯৯৫ চনত গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক আৰু ১৯৯৭ চনত গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত হয়।

উক্ত বৰ্ষতে মালাধৰা অঞ্চলৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান বাৰে বৰণীয়া সাংস্কৃতিক সংঘৰ সভাপতিৰ পদ অলংকৃত কৰাৰ লগতে উক্ত পদতে ২০১৩ চনলৈ সভাপতিৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল ৷ ৰাভা লোককৃষ্টিক অসমৰ বুকুৰ পৰা ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তলৈ লৈ যোৱাৰ হেপাহ এটা তেওঁৰ মনত সততে আছিল। ২০০১ চনত ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আৰু গৃহ মন্ত্ৰালয়ৰ সহযোগত ৰাজস্থানৰ আজমেৰত আৰু ২০০৩ চনত লক্ষ্ণৌ চুলতানপুৰত অনুষ্ঠিত সাংস্কৃতিক বিনিময় কাৰ্যসূচীত তেওঁৰ নেতৃত্বত ৰাভা কৃষ্টি দলে অংশ গ্ৰহণ কৰিছিল ৷

ধ্ৰুৱ নাৰায়ণ ৰাভাই সাহিত্যক ক্ষেত্ৰখনৰ সৈতে ওত:প্ৰোত ভাৱে জড়িত হোৱাৰ আগতে সাংস্কৃতিক ক্ষেত্ৰতো অধিক মনোনিবেশ কৰা দেখা যায়। ২০০৭ চনত শুক্ৰাচাৰ্য ৰাভাই পৰিচালনা কৰা ৰাভা বোলছবি ‘নাছি’ ত এটি চৰিত্ৰত অভিনয় কৰাৰ উপৰিও সহ পৰিচালক ৰূপে আত্ম প্ৰকাশ কৰে।

২০০৫ চনত তেওঁ সহযোগী লোকনাথ ৰাভা, বিজু ৰাভা , বিজু ৰাভা আৰু বব্ৰুবাহন ৰাভাক লগত লৈ কেৰখাঝৰা ফিলমচ প্ৰতিষ্ঠা কৰে। কেৰখাঝৰা ফিলমচৰ বেনাৰত তেওঁ ২০০৯ চনত “আছা ” আৰু ২০১৩ চনত “তেবা মনি কিয়া” নামৰ দুটি ৰাভা চলচিত্ৰ নিজে ৰচনা ৰচনা কৰাৰ ওপৰিও পৰিচালনা কৰিছিল ৷ ইয়াৰ পিচতে ২০১৪ চনত তেওঁৰ ৰচনা আৰু পৰিচালনাত “টাগ অব ৱাৰ” ৰাভা ফিচাৰ ফিল্ম নিৰ্মিত হয়। উল্লেখনীয় যে ধ্ৰুৱ নাৰয়ণ ৰাভাৰ পৰিচালনাত নিৰ্মিত A morning with a smile য়ে ২০২০ চনত Sprouting Seed International Short Film Festival ত Official Selection সহ দুটি বটাঁ পাবলৈ সক্ষম হয়।

একেখন ছবিয়ে ২০২২ চনত REELS International film festival ত Official Selection পাবলৈ সক্ষম হয়। ধ্ৰুৱ নাৰায়ণ ৰাভা বোলছবি জগত খনক অধিক গতি দিবৰ বাবে ২০১৩ চনত কেৰখাঝৰা ফিলমচৰ বেনাৰত মালাধৰাত ‘প্ৰথম ৰাভা হাছং চলচিত্ৰ মহোৎসৱ’ৰ আযোজন কৰে। ২০০৩ চনত প্ৰতিষ্ঠা লাভ কৰা মালাধৰা হাইস্কুলৰ তেওঁ আছিল প্ৰতিষ্ঠাপক সম্পাদক। ২০১৭ চনত মালাধৰাৰ প্ৰফুল্ল কুমাৰ ৰাভা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত গোৱালপাৰা জিলা ৰাভা সাহিত্য সভাৰ আদৰণি সমিতিৰ সাধাৰণ সম্পাদকৰ গুৰু দায়িত্বও তেওঁ বহন কৰাৰ ওপৰিও ধ্ৰুৱ নাৰায়ণ ৰাভাৰ হাইস্কুলীয়া দিনৰে পৰা স্মৃতিগ্ৰন্থ, আলোচনী আদিত লেখা প্ৰকাশিত হৈ আহিছে।

গোৱালপাৰা জিলা ৰাভা সাহিত্য সভাৰ প্ৰচাৰ সম্পাদকৰ পদ লাভ কৰি সাহিত্য সভাৰ লগত সম্পৰ্ক আৰু অধিক গাঢ় হৈ পৰিছিল ৰাভাৰ ৷ গোৱালপাৰা জিলা ৰাভা সাহিত্য সভাৰ যুটীয়া সম্পাদকৰ পদ লাভ কৰাৰ লগতে বায়দাত অনুষ্ঠিত জিলা ৰাভা সাহিত্য সভাৰ অধিবেশনত আলোচনী সম্পাদকৰ পদত নিৰ্বাচিত হৈছিল। বৰ্তমানলৈ নিখিল ৰাভা সাহিত্য সভাৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদকৰ দায়িত্ব বহন কৰাৰ উপৰিও পাঠ্যপুথি প্ৰণয়ন আৰু পৰীক্ষা নিয়ন্ত্ৰণ বোৰ্ডৰো তেওঁ এগৰাকী সদস্য।
তেওঁৰ সম্পাদিত আৰু প্ৰকাশিত গ্ৰন্থৰ তালিকা এনেধৰণৰ-
১) তেবা মনি কিয়া,২০১৭(নাটক)
২)জাকি বাছায় ক্ৰৌৰাংচি(যুটীয়াভাবে-অমল ৰাভা,শান্তাৰম ৰাভা)২০১৭ ।
৩) হাছি ক্ৰৌৰাংচি (যুটীয়াভাৱে)২০১৭
৪)খুৰাংতৗত(যুটীয়াভাবে) ২০১৭
৫) প্ৰামচিনি আছা (উপন্যাস) ২০২৩
৬)আক্কে ৰিবাকায় ৰাংখোপ ( নাটক) ২০২৩
সম্পাদনা–
১) স্মৰণিকা-বাৰেবৰণীয়া সাংস্কৃতিক সংঘৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন ২০০১
২)ছাম্ভোৰ , মুখপত্ৰ, গোৱালপাৰা জিলা ৰাভা সাহিত্য সভা(তিনিটা সংখ্যা)
৩) কাণ্টাবাৰী,স্মৃতিগ্ৰন্থ, নিখিল ৰাভা সাহিত্য সভা, মালাধৰা,২০০৫
৪) উৰপদ, স্মৃতিগ্ৰন্থ, নিখিল ৰাভা সাহিত্য সভা, ভৈচখুলী ২০১৫
প্ৰাপ্ত বটাঁ: চিঙি ৰাছং(Our pride) সন্মান ২০১৯(ৰাভা শিল্পী সমাজ)

ধ্ৰুৱনাৰায়ণ ৰাভা আমাৰ সমাজৰ বাবে এক আদৰ্শ ,প্ৰেৰণা৷ সমাজৰ প্ৰতি থকা দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰা বাবে ৰাভা বৰ্তমান এটি চিনাকী নাম৷ধ্ৰুৱনাৰায়ণ ৰাভা ধ্ৰুৱতৰাৰ দৰে জিলিকি থাকক তাৰেই কামনাৰে ৷

(এই লেখাৰ সৈতে Da NEWS PLUSৰ কোনো সম্পৰ্ক নাই। ইয়াত লেখকৰ নিজৰ মতামতহে প্ৰকাশ কৰা হৈছে)

Leave A Reply

Your email address will not be published.