danewsplus.com
আন এক চমক দিবলৈ নতুন ৰূপত আহি আছে ‘বিদুৰভাই’
ডিজিটেল ডেস্কঃ আন এক ধামাকাৰ বাবে সাজু হৈছে অসমীয়া ব্লকবাষ্টাৰ ছবি বিদুৰভাইৰ পৰিয়াল। এইবাৰ সমগ্ৰ বিশ্বতে চমক দিবলৈ সাজু বিদুৰভাই। প্ৰথমে ৱেবচিৰিজ, পৰৱৰ্তী সময়ত অসমীয়া ছবিৰূপে মুক্তি পোৱা বিদুৰভাই এইবাৰ আহি আছে হিন্দী ছবিৰ ৰূপত। হিন্দী ছবিকো চেৰ পেলাই অসমৰ ছবিগৃহত সগৌৰৱেৰে চলা বিদুৰভাই এইবাৰ আহি আছে খোদ হিন্দী ছবিৰ ৰূপত।
পৰিচালক সুব্ৰত কাকতিয়ে সদৰি কৰিছে এই কথা। ইতিমধ্যে ছবিখনৰ হিন্দী ভাষাত ডাবিং আৰম্ভ হৈছে। মুম্বাইত চলি আছে ছবিখনৰ ডাবিঙৰ কাম। ডাবিঙৰ কাম পৰিচালনা কৰিছে সঞ্জয় উপাধ্যায়ে। নতুন বছৰতে দৰ্শকৰ বাবে মুকলি কৰি দিব পাৰে ছবিখন।
জানিবলৈ পোৱা অনুসৰি অনুসৰি অ’ টি টি প্লেটফৰ্মত মুক্তি দিয়া হ’ব ছবিখন। উল্লেখ্য যে, ২০২৪ বৰ্ষৰ ১৯ জুলাইত মুক্তিলাভ কৰিছিল ছবিখনে। ছবিখনে সংগ্ৰহ কৰিছিল প্ৰায় ১১ কোটি টকা। Rootstock Entertainmentsৰ বেনাৰত নিৰ্মাণ হোৱা এই ছবিখনত অভিনয় কৰিছিল চুমকী কছাৰী, বলীন বৰা, উজ্জ্বল ৰাজখোৱা, ত্ৰৈলোক্য বৰুৱা, নিতু খনিকৰ, পংকজ মহন্ত, অসীম শৰ্মা, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, উদ্দীপনা বৰা, হিৰকজ্যোতি বৰদলৈ, আনন্দ বৰুৱা, আচিফ জাভেদ, দ্বীপমণি খাটনিয়াৰকে আদি কৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে। ‘বিদুৰভাই’ প্ৰথমটো দৰ্শনীৰ পৰাই ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে হাউচফুল হৈ পৰিছিল।