danewsplus.com
danewsplus.com

বাক্সা জিলাত বন্যহস্তীৰ দেহত ৰেডিঅ’ কলাৰ সংস্থাপন

0 114

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ বন বিভাগ আৰু বি টি আৰৰ অন্তৰ্গত বাক্সা বন সংমণ্ডলে বাক্সা জিলা আৰু আৰক্ষী প্ৰশাসনৰ সহায়ত গ্ৰহণ কৰা এক অভিলাষী পদক্ষেপৰ অংশ হিচাপে জিলাখনৰ কমেও ৫০ বন্যহস্তীৰ এটা জাকৰ এটা মখনাৰ দেহত সোমবাৰে ৰেডিঅ’ ক’লাৰ সংস্থাপন কৰা হয়।

মানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড০ চি ৰমেশৰ নেতৃত্বত আৰু বাক্সা বন সংমণ্ডলৰ ডি এফ অ’ গোলাপ বনিয়াৰ নিৰীক্ষণত বন বিভাগৰ লোক আৰু জীৱবিজ্ঞানীৰ সহায়ত এদল বিশেষজ্ঞ পশু চিকিৎসকে জাৰতালুক অঞ্চলত হাতীটোক ট্ৰেংকুলাইজড্… কৰি ৰেডিঅ’ ক’লাৰ সংস্থাপন কৰে। পাছত হাতীটোক জাকটোৰ সৈতে লগ লগাই দিয়া হয়।

এছ বি আই ফাউণ্ডেশ্যন আৰু আমেৰিকাৰ মেছাচুচেটছ বিশ্ববিদ্যালয়ৰ অধ্যাপক কাৰ্টিছ গ্ৰীফিনৰ সহায় আৰু উত্তৰ-পূব ভাৰতৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰাণ্যকৰ (www.aaranyak.org) সহযোগত এই অভিযানটো সম্পূৰ্ণ কৰা হয়।

অসম ৰাজ্যিক চিৰিয়াখানাৰ পশু চিকিৎসকৰ এটা দলক নেতৃত্ব দিয়া চিৰিয়াখানাৰ ডি এফ অ’ অশ্বিনী কুমাৰে কয় যে তেওঁলোকে হাতীটোক কৰায়ত্ব কৰি কলাৰ লগাবলৈ প্ৰয়োজনীয় ঔষধ, ট্ৰেংকুলাইজিং বন্দুক আৰু আনুষংগিক সামগ্ৰী যোগান ধৰিছিল। ৰেডিঅ’ কলাৰিং অভিযানৰ সফলতাই অঞ্চলটোত মানৱ হাতী সংঘাতৰ ফলপ্ৰসু প্ৰশমনৰ বাবে বন্যহস্তীৰ গতিবিধি নিৰীক্ষণ কৰাত সহায় কৰিব বুলি আই এফ এছ বিষয়াজনে কয়।

এই প্ৰচেষ্টাক প্ৰশংসা কৰি এছ বি আই ফাউণ্ডেশ্যনৰ পৰিচালন সঞ্চালক সঞ্জয় প্ৰকাশে কয়, “হাতীক ৰেডিঅ’ কলাৰিং কৰাৰ বাবে অসমৰ বন বিভাগৰ এই প্ৰশংসনীয় প্ৰচেষ্টা হাতী সংৰক্ষণৰ দিশত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। এই সাফল্যই সমগ্ৰ ভাৰততে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বহু-অংশীদাৰৰ সহযোগিতাৰ প্ৰয়োজনীয়তাক প্ৰতিপন্ন কৰিছে”। তেওঁ এই কাৰ্যসূচী ৰূপায়ণকাৰী অংশীদাৰ আৰণ্যকক অভিনন্দন জ্ঞাপন কৰে।

ৰেডিঅ’ কলাৰিং অভিযানত প্ৰধান ভূমিকা পালন কৰা কৌশিক বৰুৱাই কয়, “বন্য হস্তীৰ ৰেডিঅ’ কলাৰিঙৰ মূল উদ্দেশ্য হৈছে কোনো এক এলেকা বা ৰেঞ্জত থকা হাতীৰ উপস্থিতি নিৰুপণ কৰা। ই মানৱ-হাতী সংঘাতৰ ফলপ্ৰসু ব্যৱস্থাপনাৰ বাবে আৰু হাতী সংৰক্ষণৰ দিশত কাম কৰাত আমাক সহায় কৰে”।

বাকসা বন সংমণ্ডলৰ ডি এফ অ’ গোলাপ বনিয়াই কয় যে হাতীটোৰ গাত স্থাপন কৰা জিপিএছ ভিত্তিক উপগ্ৰহ-ৰেডিঅ’ টেলিমেট্ৰি কলাৰটোৱে হাতীবোৰৰ প্ৰব্ৰজনৰ ধৰণ, খাদ্যৰ পছন্দ আৰু ই কোনটো জাকৰ হাতী তাক নিৰুপণ কৰাত সহায় কৰিব। কলাৰৰ সহায়ত নিৰুপণ কৰা বন্যহস্তীৰ অৱস্থিতিৰ আগতীয়া তথ্যই উক্ত অঞ্চলত মানৱ-হাতী সংঘাত প্ৰশমনতো সহায় কৰিব ।

আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী আৰু সংস্থাটোৰ হাতী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ (ই আৰ চি ডি) মুৰব্বী ড০ বিভূতি প্ৰসাদ লহকৰে কয়, “বন্য হস্তীক কৰা ৰেডিঅ’ কলাৰিঙে পৰিৱেশতন্ত্ৰ, হাতীৰ আৱাসভূমিৰ ব্যৱহাৰৰ ধৰণ, চাল-চলন আৰু কোনো এক স্থানত হাতীৰ বিচৰণৰ বিষয়ে অধিক বৈজ্ঞানিকভাৱে বুজাত সহায় কৰিব আৰু হাতী সংৰক্ষণৰ উন্নত কৌশলৰ ৰচাত সহায় কৰিব”।

ড০ লহকৰে লগতে কয় যে, আৰণ্যকৰ জ্যেষ্ঠ বিষয়া হিতেন কুমাৰ বৈশ্য, অভিজিৎ বৰুৱা, অনুষ্কা শইকীয়া আৰু দিবাকৰ নায়ককে ধৰি আৰণ্যকৰ জীৱবিজ্ঞানীৰ এটা দলে ৰেডিঅ’ কলাৰিং কৰাৰ বাবে যোৱা দুমাহ ধৰি হাতীটোক নিৰীক্ষণ কৰি আছিল।

Leave A Reply

Your email address will not be published.