danewsplus.com
danewsplus.com

ড০ দয়ানন্দ পাঠকক আঠীয়াবাৰী সমন্বয় বঁটা প্ৰদান, বঁটাৰ দহ হেজাৰ টকা দান দিলে সমাজৰ কল্যাণমূলক কামৰ বাবে

0 267

ডিজিটেল ডেস্কঃ ৯৫ সংখ্যক বৰপেটাৰোড ৰাস মহোৎসৱ সমিতিয়ে যোৱা ১৩ ডিচেম্বৰত বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক – সমালোচক ড০ দয়ানন্দ পাঠকক ২০২৩ বৰ্ষৰ আঠীয়াবাৰী সমন্বয় বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে। বঁটাত মানপত্ৰ, শৰাই, জাপি আৰু ফুলাম গামোচাৰ লগতে আছে নগদ দহ হেজাৰ টকা আগবঢ়োৱা হয়।

বঁটা গ্ৰহণ কৰি ড০ পাঠকে তেওঁক এই সন্মান প্ৰদান কৰা বাবে বৰপেটাৰোড ৰাস মহোৎসৱ উদযাপন সমিতিক কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে বঁটাৰ লগত তেওঁলৈ আগবঢ়োৱা দহ হেজাৰ টকা সমাজৰ কল্যাণৰ কামত ব্যৱহাৰ কৰিবলৈ উদযাপন সমিতিক দান দিয়ে।

ড০ পাঠকৰ এনে মহানুভৱতাক সকলোৱে ভূয়সী প্ৰশংসা কৰে। এই অনুষ্ঠানতে ড০ পাঠকক বৰপেটাৰোডৰ ব্যৱসায়ী সংস্থায়ো সন্মান প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.