danewsplus.com
danewsplus.com

তেজপুৰত শোকাৱহ ঘটনা

0 226

ডিজিটেল ডেস্কঃ তেজপুৰত শোকাৱহ ঘটনা। বিন্দুকুৰি কাছমাৰী চাহ বাগানত মৃত্যু হ’ল এজনী হাতীৰ৷ এই খবৰটোৱে সকলোকে মৰ্মান্তিক কৰি তুলিছে। হাতীজনীৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই যদিও বৈদ্যুতিক তাৰৰ সংল্পৰ্শলৈ আহি মৃত্যু হোৱাৰ সন্দেহ। কি কাৰণত হাতীটোৰ মৃত্যু হৈছে ইয়াৰ প্ৰকৃত কাৰণ পৰীক্ষা কৰাৰ পিছতহে পোহৰলৈ আহিব।

ইফালে চৰকাৰে সকলো সুবিধা দিয়াৰ পিছতো বনবিভাগ ব‍্যৰ্থ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। অসম চৰকাৰৰ বঁটাপ্ৰাপ্ত প্ৰাক্তন বন্যপ্ৰাণী ৱাৰ্ডেন তথা সৰ্পবান্ধৱ খ্যাত সৌৰভ বৰকটকীয়ে বন বিভাগৰ হেমাহিত হাতী মৃত্যু হোৱা বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বন বিভাগক বন্যপ্ৰাণীৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিবলৈ আহ্বান বিভিন্নজনৰ।

Leave A Reply

Your email address will not be published.