danewsplus.com
danewsplus.com

ধূপধৰাত বন্ধন বেংকৰ প্ৰতিষ্ঠা দিৱস উদযাপন, নৱম বছৰত পদাৰ্পন কৰিলে বন্ধন বেংকে

0 552

ডিজিটেল ডেস্ক : দেশৰ আগশাৰীৰ অগ্ৰণী বেংকিং প্ৰতিষ্ঠান বন্ধন বেংকে সফলতাৰে ৮ টা বছৰ পাৰ কৰি আজি নৱম বছৰত পদাৰ্পণ কৰিলে৷ বন্ধন বেংকৰ প্ৰতিষ্ঠা দিনটোক লৈ আজি প্ৰতিটো বন্ধন বেংকিং প্ৰতিষ্ঠান আৰু গ্ৰাহকৰ মনত আনন্দৰ বন্যা বৈছে । ২০০১ চনত বৰ্তমানৰ বন্ধন বেংকৰ পৰিচালন সঞ্চালক আৰু কাৰ্যবাহী বিষয়া চন্দ্ৰশেখৰ ঘোষৰ নেতৃত্বত এন জি অ’ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল বন্ধনে ৷ ২০০৬ চনত বন্ধন নন বেংকিং ফাইনেঞ্চিয়েল কোম্পানী হিচাপে পঞ্জীয়নকৃত হয় আৰু প্ৰতিষ্ঠা কৰে বন্ধন ফাইনেঞ্চিয়েল চাৰ্ভিচেছ প্ৰাইভেট লিমিটেড নামৰ এক বিত্তীয় প্ৰতিষ্ঠানৰ ৷ ২০১০ চনত বন্ধন দেশৰ সৰ্ববৃহৎ ক্ষুদ্ৰ ঋণ প্ৰতিষ্ঠান হিচাপে স্বীকৃত হয় ৷ ইপিনে ২০১৫ চনত বন্ধনে বেংকিং সেৱাৰ অনুজ্ঞাপত্ৰ লাভ কৰে আৰু সেই বছৰৰে ২৩ আগষ্টত সমগ্ৰ ভাৰতবৰ্ষজুৰি বন্ধনে বেংক মুকলি কৰে ৷ প্ৰতিবছৰৰ দৰে এইবছৰতো জাক-জমকতাৰে ভাৰতবৰ্ষৰ সকলো বন্ধন বেংকৰ শাখাতেই প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷ ব্যতিক্ৰম নহয় অসমৰ শাখাবোৰো ৷ আজি প্ৰতিটো শাখাত কেক কাটি প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ।

অসমৰ অন্যান্য শাখাৰ লগতে আজি গোৱালপাৰা জিলাৰ ধুপধৰা শাখাত প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷ এই দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠানটোৰ কেক কাটে লেলা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজসেৱক দিনবন্ধু কলিতাই ৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বাগডোৱা বেছিমাৰী হাইস্কুলৰ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজসেৱক হৰিদাস বিশ্বাস ,হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক তথা সমাজসেৱক দ্বিপেন কলিতা, ৰাভা হাছং ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি দশানন ৰাভা ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ধূপধৰা বন্ধন বেংকৰ গ্ৰাহক সম্পৰ্কৰক্ষী বিষয়া প্ৰাঞ্জল বৰুৱাই ৷বন্ধন বেংকৰ বৰ্ষপূতি অনুষ্ঠানৰ বিষয়ে বক্তৃতা আগবঢ়ায় শাখা পৰিচালক ৰমেন চন্দ্ৰ ভূঞাই ৷অনুষ্ঠানটোত ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে বন্ধন বেংকৰ মাৰ্কেটিং বিভাগৰ এচিটেন্ট ভাইচ প্ৰেচিডেন্ট অজয় কুমাৰ শীল,সত্যব্ৰত ৰয়,দ্বিপজ্যোতি দাস,কবীৰ কলিতা আৰু শাখাটোৰ সকলো কৰ্মচাৰী উপস্থিত থাকে ৷

Leave A Reply

Your email address will not be published.