danewsplus.com
danewsplus.com

চেঙাৰ মধ্য কামৰূপ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড৹ হৰেন্দ্ৰনাথ তালুকদাৰ আৰু অধ্যাপক ভৈৰৱ চন্দ্ৰ দাসৰ অৱসৰ গ্ৰহণ

0 173

ডিজিটেল ডেস্কঃ বৰপেটা জিলাৰ পূব প্ৰান্তৰ উচ্চ শিক্ষাৰ অনুষ্ঠান চেঙাস্থিত মধ্য কামৰূপ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড৹ হৰেন্দ্ৰনাথ তালুকদাৰ আৰু অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ভৈৰৱ চন্দ্ৰ দাসে চৰকাৰী নীতি – নিয়মমতে ২০২৩ বৰ্ষৰ ৩১ জানুৱাৰীত চাকৰিৰ পৰা অৱসৰ পাব। অৱসৰৰ এদিন পূৰ্বে অৰ্থাৎ সোমবাৰে মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ উদ্যোগত এখন বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।

শিক্ষক গোটৰ সভানেত্ৰী জুনু কলিতা বায়নৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অধ্যাপক বানেশ্বৰ বেজবৰুৱাই। সম্বৰ্ধনা অনুষ্ঠানটোৰ আঁত ধৰে মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ সম্পাদক ড৹ হাফিজ নজৰুল ইছলামে। উক্ত অনুষ্ঠানতেই অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি হিমাংশু মড়লক মহাবিদ্যালয়ৰ তৰফৰ পৰা বিশেষভাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

ইয়াৰ উপৰিও মহাবিদ্যালয়খনৰ পৰা অৱসৰ গ্ৰহণ কৰা উপাধ্যক্ষ ড৹ হৰেন্দ্ৰনাথ তালুকদাৰ আৰু অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক ভৈৰৱ চন্দ্ৰ দাসক মহাবিদ্যালয়ৰ শিক্ষক গোটৰ তৰফৰ পৰা গামোচা, পিতলৰ শৰাই, জাপি, সম্বৰ্ধনা পত্ৰ আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ গোপেশ কুমাৰ শৰ্মাই গামোচা, পিতলৰ জাপি, অংগবস্ত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। মহাবিদ্যালয়খনৰ প্ৰতিগৰাকী অধ্যাপক অধ্যাপিকাই ব্যক্তিগতভাবেও বিদায়ী শিক্ষক দুগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ গোপেশ কুমাৰ শৰ্মাই ভাষণ প্ৰসংগত বিদায়ী শিক্ষক দুগৰাকীৰ পেন্সনৰ সকলো যাৱতীয় কাম হৈ যোৱা বুলি কোৱাৰ লগতে পেন্সনৰ ফাইল দুটা শিক্ষক দুগৰাকীক অৰ্পণ কৰে ।১৯৮৯ চনৰ ১ মাৰ্চত মধ্য কামৰূপ কলেজত ৰাজনীতি বিজ্ঞান বিভাগত প্ৰবক্তা হিচাপে নিযুক্তি পাইছিল ড৹ হৰেন্দ্ৰনাথ তালুকদাৰে ।২০১৭ চনৰ ৬ অক্টোবৰৰ পৰা ২০১৮ চনৰ ৩ অক্টোবৰলৈ কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব লৈ কলেজখনক শৈক্ষিক ক্ষেত্ৰত এক নতুন মাত্ৰা দিছিল।

শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ উপস্থিতি ডিজিটেল মাধ্যমেৰে মোবাইল ফোনেৰে লোৱাৰ ব্যৱস্থা কৰি ৰাজ্যৰ ভিতৰতে অগ্ৰণী হৈছিল মধ্য কামৰূপ মহাবিদ্যালয় । আন এগৰাকী বিদায়ী শিক্ষক ভৈৰৱ চন্দ্ৰ দাসেও নিজস্ব কথনশৈলীৰে মহাবিদ্যালয়খনৰ লগত জড়িত বহু কথাৰ স্মৃতি ৰোমন্থন কৰে। ভৈৰৱ চন্দ্ৰ দাসে ১৯৯৩ চনৰ ১০ চেপ্তেম্বৰত মহাবিদ্যালয়খনত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিছিল ।

বিদায় সভাখনত মহাবিদ্যালয়খনৰ অধ্যাপক- অধ্যাপিকা ক্ৰমে ইমান ভূঞা, ড৹ জোনালী পাটোৱাৰী বৰা, ড৹ মৃদুস্মিতা গোস্বামী, বানেশ্বৰ বেজবৰুৱা, নিকুঞ্জিৎ দাসৰ উপৰিও কেইবাগৰাকীও অধ্যাপকে ভাষণ প্ৰদান কৰি আবেগিক হৈ পৰে।

Leave A Reply

Your email address will not be published.