danewsplus.com
danewsplus.com

খগেন্দ্ৰ কুমাৰ সৰকাৰক বাঙালী যুব ফেডাৰেচনৰ প্ৰশস্তি পত্ৰ প্ৰদান

0 256

ডিজিটেল ডেস্ক: গোৱালপাৰা জিলা বাঙালী যুব ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত লক্ষীপুৰ আঞ্চলিক বাঙালী যুব ছাত্ৰ ফেডাৰেচন তথা লক্ষীপুৰ আঞ্চলিক বাঙালী মহিলা ফেডাৰেচনৰ সহযোগত ২৩ জানুৱাৰীত লক্ষীপুৰ থানামোড় খেলপথাৰত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৬ তম জন্মজয়ন্তী ব্যাপকভাৱে পালন কৰা হয় ৷ এই অনুষ্ঠানত অসমৰ সমাজ জগতখনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ পৰা গোৱালপাৰা জিলাৰ লাউডোবাৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা অসমৰ জনপ্ৰিয় ৱেব মিডিয়া পাব্লিছ প্ৰেছৰ দ্বাৰা সাহিত্যৰথী সন্মান-২০২২ বঁটা প্ৰাপ্ত সাহিত্যিক খগেন্দ্ৰ কুমাৰ সৰকাৰক লক্ষীপুৰ আঞ্চলিক বাঙালী যুব ফেডাৰেচনৰ তৰফৰ পৰা এখন প্ৰশস্তি পত্ৰ,চেলেং আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জনায়৷

উল্লেখযোগ্য যে, অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে খগেন্দ্ৰ কুমাৰ সৰকাৰক ইতিমধ্যে বিভিন্ন বঁটাৰে সন্মানিত কৰিছে ৷ নিৰলসভাৱে সমাজসেৱা আৰু সাহিত্যচৰ্চা কৰা সৰকাৰে বহুকেইখন গ্ৰন্থৰ উপৰি কবিতা পুথি ৰচনা কৰিছে৷ তাৰ ভিতৰত সোণালী দেশৰ চমু ভ্ৰমণ সাৰথি,ধৰ্মতত্ত্ব ও বৈষ্ণৱ সমাজ,ৰাসক্ৰীড়া আৰু ইয়াৰ তাৎপৰ্য,পোহৰ,মিলন,স্কাউট এণ্ড গাইড শিক্ষণ প্ৰণালী,ইংলিছ গ্ৰামাৰ এণ্ড কম্পজিচন ইত্যাদি অন্যতম৷ ইয়াৰ ভিতৰত স্কাউট এণ্ড গাইড শিক্ষণ প্ৰণালী নামৰ ব্যৱহাৰিক পুথিখনৰ বাবে ইতিমধ্যে অসম চৰকাৰে সৰকাৰক স্বীকৃতি প্ৰদান কৰিছে ৷ এই অনুষ্ঠানত খগেন্দ্ৰ কুমাৰ সৰকাৰে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি কয় যে,’বিশ্ববৰেণ্য নেতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ আদৰ্শৰে আমি চলা উচিত৷ আমি ল’ৰা-ছোৱালীক পঢ়াশুনাৰ উপৰিও সত্য পথেৰে চলিবলৈ আধ্যাত্মিক জ্ঞানৰ শিক্ষা দিয়া উচিত৷’

Leave A Reply

Your email address will not be published.