danewsplus.com
danewsplus.com

ৰঙিয়াত বিলাসী গাড়ীসহ বহিঃৰাজ্যৰ ৪ যুৱকক গ্ৰেপ্তাৰ

0 233

ডিজিটেল ডেস্কঃ কামৰূপৰ ৰঙিয়াত বিলাসী গাড়ীসহ বহিঃৰাজ্যৰ চাৰি যুৱকক গ্ৰেপ্তাৰ৷ আৰক্ষীয়ে এক অভিযানত জব্দ কৰিলে এখন অ’ডি Q-3 আৰু এখন ৰেনো স্কালা৷ গ্ৰেপ্তাৰ কৰিলে হাৰিয়ানাৰ ৪ যুৱকক৷ ৰঙিয়া ৰে’ল ষ্টেচনৰ সন্মুখত সন্দেহজনকভাৱে ৰৈ থকা দেখি আৰক্ষীয়ে প্ৰশ্ন কৰে যুৱককেইজনক৷

পৰিচয়পত্ৰ দেখুৱাবলৈ কোৱাত যুৱককেইজনে আৰক্ষীৰ ওচৰত দাখিল কৰে সেনা বাহিনীৰ পৰিচয়পত্ৰ৷ আৰক্ষীয়ে ৰঙিয়াস্থিত সেনা বাহিনীৰ শিবিৰৰ সৈতে যোগাযোগ কৰাত পৰিচয়পত্ৰখন ভুৱা বুলি প্ৰমাণ হয়৷ গ্ৰেপ্তাৰ কৰে যুৱককেইজনক৷

Leave A Reply

Your email address will not be published.