danewsplus.com
danewsplus.com

জনসংযোগৰ বিৰুদ্ধে প্ৰীতি ক্ৰিকেট মেচত জয়ী মিডিয়া ছুপাৰ কিংছঃ কমলেশ বৰ্মন মেন অৱ দা মেচ

0 170

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম চৰকাৰৰ জনসংযোগ বিভাগ আৰু মিডিয়া ছুপাৰ কিংছৰ মাজত গুৱাহাটী নেহৰু ষ্টেডিয়ামত ১০ ডিচেম্বৰ, শনিবাৰে অনুষ্ঠিত হ’ল এক প্ৰীতি ক্ৰিকেট মেচ৷ মেচখনত মিডিয়া ছুপাৰ কিংছে ১৪ ৰাণত পৰাস্ত কৰে জনসংযোগ বিভাগ (ডি আই পি আৰ) ক ৷ ১৫ অভাৰৰ মেচখনত প্ৰথমে বেট ধৰি মিডিয়া ছুপাৰ কিংছে ৮ টা উইকেটত সংগ্ৰহ কৰে ১২৩ ৰাণ৷ দলৰ এই ৰাণ সংখ্যাৰ মূলতে আছিল অপেনাৰ কমলেশ বৰ্মনৰ অৰ্ধশতক। তেওঁ ৩৮ টা বলৰ সন্মুখীন হৈ ২ টা ছিক্সাৰ আৰু ৭ টা বাউণ্ডেৰীৰ সহায়ত ৫৬ ৰাণ কৰে৷

বিশ্বজিৎ ডেকাই ২০ টা বলত ৬ টা বাউণ্ডেৰীৰ সহায়ত কৰে ৩২ ৰাণ৷ পাপ্লু ডেকাই ১৪ আৰু অধিনায়ক বিশ্বজিৎ দাসে অপৰাজিত ৩ ৰাণ কৰে৷ প্ৰতিপক্ষৰ মজবুল হুছেইনে ৩ অভাৰত ২১ ৰাণ ব্যয় কৰি দখল কৰে ৫ টা উইকেট৷ জনসংযোগ বিভাগৰ জিতুমণি দাসৰ বলত মিডিয়াৰ পাপ্লু ডেকাৰ বেটৰ পৰা অতৰ্কিতে অহা এটা কেটছ অপূৰ্ব দক্ষতাৰে ফিল্ডাৰ পিং কং ৰেজা আজহাৰীয়ে আয়ত্ত কৰি সকলোকে চমকিত কৰে৷ প্ৰত্যুত্তৰত জনসংযোগ বিভাগে নিৰ্ধাৰিত অভাৰত ৫ টা উইকেট হেৰুৱাই ১০৯ ৰাণহে কৰে৷

দলৰ হৈ ৰাজু কলিতাই ৩৬, জিতুমণি দাসে অপৰাজিত ২৩ আৰু অপেনাৰ সঞ্জয় কাশ্যপে ১৬ ৰাণৰ বৰঙণি যোগায়৷ দলৰ অধিনায়ক ইফতিখাৰ জামানে ৭ টা বলৰ সন্মুখীন হৈ মাত্ৰ ১ ৰাণ কৰে৷ বলিঙত মিডিয়াৰ হৈ হিমাংশু অনুপমে ২ টা আৰু নৱজ্যোতি গোহাঁইয়ে ১ টা উইকেট দখল কৰে৷

জনসংযোগ দলৰ ২ জনকৈ বেটাৰ ৰাণ আউট হয়৷ বিজয়ী দলৰ হৈ অৰ্ধশতক সংগ্ৰহ কৰা কমলেশ বৰ্মনে লাভ কৰে মেন অৱ দা মেচৰ ট্ৰফী৷ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰদীপ ব্ৰহ্ম আৰু দৈনিক ‘গণ অধিকাৰ’ কাকতৰ পৰিচালন সম্পাদক ছাজাহান তালুকদাৰ।

Leave A Reply

Your email address will not be published.