danewsplus.com
danewsplus.com

বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ তালিকাত মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা …আৰু কোন কোন?

0 147

ডিজিটেল ডেস্কঃ ভাৰততে নহয় সমগ্ৰ বিশ্বতে এক বিশেষ প্ৰভাৱ আছে প্ৰিয়ংকা চোপ্ৰাৰ। একে সময়তে, চাৰিগৰাকী ভাৰতীয় মহিলাই বিবিচিৰ ১০০ গৰাকী আটাইতকৈ প্ৰভাৱশালী মহিলাৰ তালিকাত স্থান লাভ কৰিছে। এই তালিকাত স্থান পোৱা একমাত্ৰ ভাৰতীয় অভিনেত্ৰী প্ৰিয়ংকা। বিখ্যাত গায়িকা বিলি ইলিছ আৰু হলিউডৰ আইকন ৰীতা মোৰেনোৰ দৰে নাম অন্তৰ্ভুক্ত হৈ আছে এই তালিকাত।
এই তালিকাৰ বাকী ৩ গৰাকী ভাৰতীয় মহিলাৰ ভিতৰত আছে বৈমানিক অভিযন্তা চিৰিচা বান্দলা, লেখিকা গীতাঞ্জলি শ্ৰী আৰু সমাজকৰ্মী স্নেহা জাভালেৰ নাম। এই তালিকাত, প্ৰিয়ংকা চোপ্ৰাক বলীউডৰ আটাইতকৈ ডাঙৰ তাৰকা হিচাপে বৰ্ণনা কৰা হৈছে, যিয়ে ৬০ খনতকৈও অধিক চলচ্চিত্ৰত কাম কৰিছে। উল্লেখ্য যে, প্ৰিয়ংকাই ২০০২ চনত বলীউডত আত্মপ্ৰকাশ কৰিছিল। প্ৰিয়ংকাৰ এই সাফল্যই অনুৰাগীসকলৰ মনত তুলিছে আনন্দৰ লহৰ।

Leave A Reply

Your email address will not be published.