danewsplus.com
danewsplus.com

“মই এতিয়া অনুতপ্ত!”হত্যাকাৰী দীপক কাকতিৰ অকপট স্বীকাৰোক্তি! কিয় গুলীয়ালে সতীৰ্থ গকুল বসুমতাৰীক?

0 352

ডিজিটেল ডেস্কঃ সোণাৰী সদৰ থানাত মঙলবাৰে পুৱা ৯-২০ মিনিটত আৰক্ষী কনিষ্টবল দীপক কাকতিয়ে আন এজন কনিষ্টবল সতীৰ্থলৈ গুলী নিক্ষেপ কৰে। দীপক কাকতিৰ গুলীত নিহত হোৱা আৰক্ষী জোৱানজন গকুল বসুমতাৰী।

ঘটনা অনুসৰি, সোণাৰি থানাৰ ভিতৰতে হত্যাকাৰী দীপক কাকতি নামৰ আৰক্ষীজনে গকুল বসুমতাৰীৰ ওপৰত তিনি জাঁই গুলীচালনা কৰে। ইয়াৰ এটা গুলী গকুল বসুমতাৰীৰ ডিঙিত আৰু আন এটা ভৰিত লাগে। পৰৱৰ্তী সময়ত গুলিবিদ্ধ বসুমতাৰীক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। আৰক্ষীয়ে ক্ষীপ্ৰতাৰে উক্ত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। গ্ৰেপ্তাৰৰ পিছত হত্যাকাৰী দীপক কাকতিয়ে অকপট স্বীকাৰোক্তি দি কয় যে-“বসুমতাৰীক হত্যা কৰি মই অনুতপ্ত!”

প্ৰশ্ন হয়ঃ ‘জনহিত জনসেৱাৰ্থে’ মূলমন্ত্ৰৰে জনতাৰ সুৰক্ষাত ন্যস্ত থকা আৰক্ষীৰেই যদি সুৰক্ষা নাথাকে, তেন্তে কোন দিশে গতি কৰিছে আৰক্ষী-প্ৰশাসন?
এয়াই নেকি স্মাৰ্ট পুলিচৰ স্মাৰ্টনেছ?

Leave A Reply

Your email address will not be published.