danewsplus.com
danewsplus.com

জাপানক হৰুৱাই ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ক্ৰৱেছিয়া

0 1,604

ডিজিটেল ডেস্কঃ ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে ক্ৰৱেচিয়াই৷ সোমবাৰে নক্ আউট পৰ্যায়ৰ এখন খেলত পেনাল্টি শ্বুট আউটৰ দ্বাৰা জাপানৰ বিৰুদ্ধে ক্ৰ’ৱেচিয়াই ৩-১ গ’লত জয়লাভ কৰে৷ গ’লৰক্ষক ডমিনিক লিভাকোভিচে তিনিটা পেনাল্টি কিক ৰক্ষা কৰি ২০১৮ চনৰ ৰাছিয়া বিশ্বকাপৰ ৰানাৰ্ছ আপ দলটোক কোৱাৰ্টাৰ ফাইনেলত উপনীত কৰাত ইন্ধন যোগায়।

চাৰি বছৰৰ পূৰ্বে ৰাছিয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰোঁতে ক্ৰ’ৱেচিয়াক নক্ আউট পৰ্যায়ত প্ৰতিটো ৰাউণ্ডতে অতিৰিক্ত সময়ৰ প্ৰয়োজন হৈছিল৷ তদুপৰি দুখনকৈ খেলত পেনাল্টি শ্বুট আউটৰ জৰিয়তে জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰিছিল দলটোৱে। এইবাৰো ক্ৰৱেচিয়াক সহায় কৰিলে পেনাল্টি শ্বুট আউটে৷ সোমবাৰৰ খেলখনত অতিৰিক্ত সময়ত জাপান আৰু ক্ৰৱেচিয়া দুয়োটা দলে ১-১ গ’লত সমতা স্থাপন কৰে। ফলত পেনাল্টি শ্বুট আউটৰ সহায় লোৱা হয়৷ ক্ৰ’ৱেচিয়াৰ গ’ল ৰক্ষক ডমিনিক লিভাকোভিচে টাকুমি মিনামিনো, কাওৰু মিটোমো আৰু মায়া যোছিডাৰ পেনাল্টি ৰক্ষা কৰিছিল ৷ শ্বুট আউটৰ পিছত উল্লাসিত ক্ৰ’ৱেচিয়া দলটোৰ পৰা বেছিভাগ প্ৰশংসা লাভ কৰাজনেই আছিল ডাইনামো জাগ্ৰেবৰ গ’লৰক্ষক।জাপানে প্ৰথমবাৰৰ বাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ বিচাৰিছিল যদিও ২০০২, ২০১০ আৰু ২০১৮ চনৰ দৰেই পুনৰ নক্ আউটতে থমকি ৰ’বলগীয়া হয়৷ ২০১০ চনত ১৬ ৰাউণ্ডত পেনাল্টি শ্বুট আউটত পেৰাগুৱেৰ হাতত পৰাস্ত হৈছিল এছিয়ান দলটো ।

২০১৮ চনৰ পূৰ্বে ১৯৯৮ চনতো ছেমিফাইনেলত প্ৰৱেশ কৰা ক্ৰৱেচিয়াই এতিয়া পৰৱৰ্তী সময়ত ব্ৰাজিলৰ বিৰুদ্ধে খেলিব কোৱাৰ্টাৰ ফাইনেলত। ৯০ মিনিটৰ খেলখনত জাপানৰ ডাইজেন মায়েডাই ৪৩ মিনিটত ক্ল’জ ৰেঞ্জত ছুইপ কৰি জাপানৰ হৈ এটা গ’ল কৰে। কিন্তু ৫৭ মিনিটত ক্ৰ’ৱেচিয়াৰ ইভান পেৰিচিচে পেনাল্টি স্পটৰ ওচৰৰ পৰা হেডাৰেৰে এটা গ’ল কৰি সমতা স্থাপন কৰে।

Leave A Reply

Your email address will not be published.