danewsplus.com
danewsplus.com

DUৰ ৰেগিং কাণ্ডৰ নতুন মোৰ! অভিযুক্ত ৰাহুল চেত্ৰী নিৰ্দোষী নেকি?

0 3,530

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৰাজ্যজুৰি তোলপাৰ লগোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত ৰাহুল চেত্ৰীয়ে তিনিচুকীয়াৰ লেখাপানী থানাত আত্মসমৰ্পন কৰাৰ পিছতেই ৰাহুলে নিজকে নিৰ্দোষী সজাবলৈ কেতবোৰ ভাষ্য প্ৰদান কৰিছে। আত্মসমৰ্পনৰ পূৰ্বেও অভিযুক্ত ৰাহুল চেত্ৰীয়ে এক বিশেষ পত্ৰযোগে আত্মপক্ষক সমৰ্থন জনোৱা পৰিলক্ষিত হয়। এনকাউন্টাৰৰ ভয়তহে পলাই থাকিবলৈ বাধ্য হোৱা বুলি পত্ৰখনত প্ৰকাশ কৰিছে ৰাহুলে।
উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড সন্দৰ্ভত বিৰাজ কৰিছে মিশ্ৰিত প্ৰতিক্ৰিয়া।
ৰাহুল চেত্ৰী সন্দৰ্ভত ভিন্নজনে ভিন্নমত পোষণ কৰা পৰিলক্ষিত হৈছে। কিয়নো ৰেগিঙৰ বলি হোৱা বুলি অভিযোগ উত্থাপন কৰি ভুক্তভোগী আনন্দ শৰ্মাই যিখন আবেদন বিভাগীয় কৰ্তৃপক্ষক প্ৰদান কৰিছিল,সেই আবেদনখনত উল্লেখ নাছিল ৰাহুল চেত্ৰীৰ নাম। পৰৱৰ্তী সময়ত কাৰোবাৰ শ্ৰুতলিপি শুনিহে আনন্দ শৰ্মাই ৰাহুলৰ নাম প্ৰকাশ কৰা বুলি একাংশই ব্যক্ত কৰিছে।
তদুপৰি,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ সাধাৰণ সম্পাদক উজ্বল অংকুৰ বৰা পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসৰ হোৱা হেতুকে ছাত্ৰ ৰাজনীতিত পৰাস্ত হোৱা কোনো শক্তিয়ে ছাত্ৰাবাসটোক আক্ৰমণৰ কেন্দ্ৰবিন্দু হিচাপে লোৱা বুলিও একাংশই প্ৰকাশ কৰিছে।
ইফালে,ৰাহুলে আত্মসমৰ্পন কৰাৰ পিছতেই ভুক্তভোগী আনন্দ শৰ্মাৰ মাতৃয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে-“ৰাহুল যদি নিৰ্দোষীয়েই, তেন্তে ইমানদিনে পলাই আছিল কিয়?”

Leave A Reply

Your email address will not be published.