danewsplus.com
danewsplus.com

দেশৰ তাৰকা বেডমিণ্টন খেলুৱৈসকলক সাক্ষাৎ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

0 106

ডিজিটেল ডেস্কঃ জনতা ভৱনত দেশৰ তাৰকা বেডমিণ্টন খেলুৱৈসকলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। অৰ্জুন বঁটাপ্ৰাপক লক্ষ্য সেন, কাশ্যপ পি, ছিৰাগ শেট্টী, সাত্বৱিকসেইৰাজ ৰংকীৰেড্ডী, প্ৰণয় এইচ এছ, সাইপ্ৰণীথ বি, অশ্বিনী পোনাপ্পা আৰু চিকি ৰেড্ডীক সাক্ষাৎ কৰে।

ইয়াৰ উপৰিও তাৰকা খেলুৱৈ অৰ্জুন এম. আৰ. আৰু ভাৰতীয় বেডমিণ্টন দলৰ প্ৰশিক্ষক এছ. আৰ. অৰুণ বিষ্ণুৰ সৈতে এক সৌজন্যমূলক সাক্ষাতত মিলিত হয় মুখ্যমন্ত্ৰী। ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই খেলুৱৈসকলক সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে। সাক্ষাতৰ সময়ত উপস্থিত থাকে অসম বেডমিণ্টন সন্থাৰ কোষাধ্যক্ষ গৌতম মহন্ত।

Leave A Reply

Your email address will not be published.