danewsplus.com
danewsplus.com

অসম-মিজোৰামৰ সীমা বিবাদৰ সমাধান কেতিয়া?

0 123

ডিজিটেল ডেস্ক: অসম আৰু মিজোৰামৰ সীমা সমস্যাক লৈ আজি বিয়লি ৫ বজাত দুয়োখন ৰাজ্যৰ বিষয়াৰে হ’ব এক বৈঠক। পৰৱৰ্তী সময়ত বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব মন্ত্ৰী পৰ্যায়ৰ বৈঠক। কালিলৈ দিনৰ ১১ বজাত মিলিত হ’ব দুই ৰাজ্যৰ মন্ত্ৰী।

সূত্ৰ অনুসৰি, অসমৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে সীমান্ত অঞ্চল সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই।

অসম আৰু মিজোৰামৰ সীমা বিবাদৰ ইতিহাস প্ৰায় ১৭৬ বছৰ পুৰণি। বৃটিছে ১৮৭৩ চনত অসমৰ শিলচৰৰ এটা পাহাৰীয়া অংশ লৈ লুচাই জিলা গঠন কৰিছিল। ১৮৯০ চনত লুচাই পাৰ্বত্য অঞ্চলটো বৃটিছ সাম্ৰাজ্যৰ অন্তৰ্ভূক্ত কৰা হয়।সেই সময়ৰ পৰাই বৰাক উপত্যকাৰ ৰাইজে এই কথাৰ প্ৰৱল প্ৰতিবাদ কৰি আহিছে। তাকে লৈ বিভিন্ন অপ্ৰীতিকৰ ঘটনাও ঘটিছে। ১৯৩৩ চনৰ মাৰ্চ মাহৰ ৯ তাৰিখে বৃটিছৰ চৰকাৰৰ এখন জাননী অনুসৰি লুচাই পাৰ্বত্য অঞ্চলৰ ১৬৪.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰে অসমৰ সীমা নিৰ্ধাৰণ কৰা হয়। আৰু সেই নিৰ্ধাৰণেই বৰ্তমানৰ সীমা। সেই সীমাৰ ভেটিতেই ১৯৭২ চনত মিজোৰামক প্ৰথমতে অসমৰ পৰা আঁতৰাই কেন্দ্ৰীয় শাসিত অঞ্চল কৰা হয়। আৰু পাছলৈ ১৯৮৭ চনত মিজোৰামক এখন পূৰ্ণাঙ্গ ৰাজ্যৰ মৰ্যদা দিয়া হয়।

কিন্তু মিজোসকলে ১৮৭৩ চনৰ “বেঙ্গল ইষ্টাৰ্ন ফণ্ট ৰেগুলেশ্যন আইন”খনৰ সীমা মিজোৰামে বিশ্বাস কৰে। মিজোসকলে ভাবে যে ১৯৩৩ চনৰ আইনখন মিজো নাগৰিক সমাজৰ লগত আলোচনা অবিহনেই প্ৰণয়ন কৰা হৈছিল।

মিজোৰাম আৰু অসমে সীমা বিবাদৰ মূল গ্ৰাউণ্ড জিৰ’ হৈছে লাইলাপুৰ অঞ্চলত। অসমৰ লাইলাপুৰ অঞ্চল আৰু অসমৰ-মিজোৰামৰ সীমান্তৰ ভাইৰেংটে অঞ্চলেই মূল বিবাদকেন্দ্ৰ।বৰ্তমানৰ সীমা বিবাদ ৫০৯ বৰ্গকিলোমিটাৰৰ এটা সীমা। য’ত এখন বনাঞ্চলে অসম আৰু মিজোৰামক ভাগ কৰিছে। তাতে কিছুমান পাহাৰ আৰু খেতিৰ উপযোগী মাটিও আছে। এই অঞ্চলটো কাছাৰ-হাইলাকান্দি-কৰিমগঞ্জৰ পৰা মিজোৰাম আৰু মণিপুৰলৈ বিস্তৃত। এই অঞ্চলটোৱেই অসম-মিজোৰামৰ মাজৰ ধাৰাবাহিক সংঘৰ্ষৰ উৎপত্তি স্থল। মিজোৰামৰ লোকসকলৰ মতে এই অঞ্চলৰ খেতি উপযোগী মাটিবোৰ অসমৰ ফালৰ পৰা বাংলাদেশী মূলৰ মুছলমানসকলে আগ্ৰাসন কৰাৰ চেষ্টা কৰিছে। সেই কথাৰ তেঁওলোকে বিৰোধিতা কৰিছে। সেই বিষয়টো লৈয়েই তেঁওলোকৰ সমস্যা।

দুয়োখন চৰকাৰ বহুবাৰ আলোচনাত বহিছে। লাল থানহাওলা মিজোৰামৰ আৰু তৰুণ গগৈ অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত, কেন্দ্ৰত আছিল মনমোহন সিং চৰকাৰ। তেতিয়াও এই সম্পৰ্কে বহুবাৰ আলোচনা হোৱাৰ পিছতো কোনো সমাধান সূত্ৰ নোলাল। দুয়োপক্ষ কোনো চুক্তিতেই সৈমান নহ’ল।

এতিয়া প্ৰশ্ন হয়, এনেবোৰ বৈঠকে সমাধান কৰিব পাৰিব নে অসম আৰু মিজোৰামৰ সীমা সমস্যা?

Leave A Reply

Your email address will not be published.