danewsplus.com
danewsplus.com

বিজেপি মিছন ১২ত লাগিব নেকি আউল?

0 102

বিজেপি মিছন ১২ত লাগিব নেকি আউল?
কোকৰাঝাৰ নেৰে প্ৰমোদ বাহিনী-এ
কোকৰাঝাৰ লোকসভাকলৈ ৰণ নীতি প্ৰস্তুত UPPLৰ
কি কৰিব BPF, GSP?

কোনে প্ৰতিদ্বন্দ্বিতা কৰিব কোকৰাঝাৰত৷ দিছপুৰ আৰু বিটিআৰ পৰিষদৰ আসনত থকা ৪মিত্ৰদলৰ কোনে পাব প্ৰতিদ্বন্দ্বিতাৰ সুযোগ৷

সাংসদ নৱ শৰনীয়াৰ প্ৰতিদ্বন্দ্বিতা নিশ্চিত
প্ৰতিদ্বন্দ্বিতাৰ দাবী হাগ্ৰামৰ বিপিএফৰো
কুচকাৱাজ আৰম্ভ কৰিছে বিজেপি-এ
আকোৰগোজ স্থিতি লৈছে প্ৰমোদ বাহিনীয়েও

মুঠতে ৪ মিত্ৰদলকে লাগে কোকৰাঝাৰত প্ৰতিদ্বন্দ্বিতা৷ এই ক্ষেত্ৰত শাসকীয়া মিত্ৰজোঁটৰ বিজেপি Front Footত থকাৰ বিপৰীতে সময়ে সময়ে প্ৰতিদ্বন্দ্বিতাৰ দাবী কৰি আহিছে সাংসদ নৱ শৰনীয়াৰ লগতে হাগ্ৰামা বিপিএফয়েও৷ এইবাৰ

স্থিতি স্পষ্ট কৰিলে প্ৰমোড বড়ো-এ
কোকৰাঝাৰত UPPLৰ প্ৰতিদ্বন্দ্বিতা নিশ্চিত

কোকৰাঝাৰৰ চন্দ্ৰপাৰাত তিনিদনীয়াকৈ অনুষ্ঠিত হৈছে UPPlৰ ৩য় তৃী বাৰ্যিক অধিবেশন কেন্দ্ৰীয় অধিবেশন৷ ৩দিনীয়াকৈ অনুষ্ঠিত কৰা এই অধিবেশনখনত অন্তিম দিনত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি অগপৰ সভাপতি অতুল বৰাৰ লগতে প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই৷ এই অধিবেশনত ২য় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি লোকসভা নিৰ্বাচন সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য UPPLৰ সভাপতি তথা BTR চিফ প্ৰমোদ বড়ো৷

কোকৰাঝাৰত প্ৰাৰ্থি হ’ব UPPLৰ
মঙলদৈত BJPৰ লগত থাকিব UPPL

অকল ইমানেই নহয় কোকৰাঝাৰ লোকসভা সমষ্টিত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা আৰম্ভ কৰিছে প্ৰমোদ বাহিনী৷ দলীয় সংগঠন তথা নিৰ্বাচনী পৰ্যাব্যক্ষণ কমিটিও গঠন কৰিছে UPPLয়ে৷

মুঠতে আকোৰগোজ UPPL৷ হয়তো প্ৰতিদ্বন্দ্বিতাৰ সুযোগ নেৰিব BPFয়েও আনহাতে ৩য় বাৰৰ বাবে লোকসভালৈ যোৱাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে GSP নেতা নৱ শৰনীয়াই৷ অৰ্থাৎ ৩মিত্ৰদলৰ আকোৰগোজৰ পাছত কি স্থিতি হ’ব বিজেপিৰ সেয়াহে হ’ব লক্ষনীয়৷

Leave A Reply

Your email address will not be published.