danewsplus.com
danewsplus.com

‘মোৰ স্বাস্থ্যৰ খবৰ লোৱা সকলোকে কৃতজ্ঞতা”, বেংগালুৰুৰ হাস্পতালৰ পৰা অখিল গগৈ…

0 296

হাস্পতালৰ বিচনাৰ পৰা বিধায়ক অখিল গগৈয়ে ফেচবুকত দিয়া এটা আপডেট লেখা আকাৰে প্ৰকাশ কৰা হৈছে।

মোৰ স্বাস্থ্যৰ খবৰ লোৱা সকলোকে কৃতজ্ঞতা

মোৰ স্বাস্থ্যৰ বাবে উদ্বিগ্ন হোৱা আৰু কুশল কামনা কৰা সকলোলৈকে কৃতজ্ঞতা জনাইছোঁ। কালি কৰ্ণাটকৰ বেংগালুৰুৰ নাৰায়ণা হেল্থচিটি চিকিৎসালয়ত মোৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়। চিকিৎসালয়খনৰ চিকিৎসকদ্বয় ড০ শ্ৰেসা শংকৰ মায়া আৰু ড০ কপিল ক’মাৱাটে অস্ত্ৰোপচাৰ সম্পন্ন কৰে। তেখেতসকলক গভীৰ কৃতজ্ঞতা জনাইছোঁ। লগতে কৃতজ্ঞতা জনাইছোঁ চিকিৎসালয়খনৰ বিষয়া বিকি ৰয়ক, যিয়ে চিকিৎসাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ালে। কৃতজ্ঞতা জনাইছোঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডা০ অভিজিত শৰ্মা আৰু হৃদযন্ত্ৰৰ বিভাগৰ চিকিৎসক ডা০ ফাৰহিন আহমেদক।

সকলো সময়তে লগত থাকি ব্যৱস্থাটোৰ তত্বাৱধান কৰা ৰাইজৰ দলৰ তথ্য আৰু প্ৰচাৰ সম্পাদক তথা ভাতৃপ্ৰতীম দেবাংগ সৌৰভ গগৈকো ধন্যবাদ জনাইছোঁ। অসম আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ব্যক্তি, অনুষ্ঠান- প্ৰতিষ্ঠান, দল-সংগঠনে মোৰ অসুস্থতাৰ বাবে উদ্বিগ্নতা প্ৰকাশ কৰিলে, সাহস যোগালে, নামঘৰ, মন্দিৰ, দৌল, মছজিদ, গীৰ্জা আদিত প্ৰাৰ্থনা জনালে সকলোকে গভীৰভাৱে কৃতজ্ঞতা জনাইছোঁ। চিকিৎসকে প্ৰকাশ কৰা অনুসৰি অস্ত্ৰোপচাৰ সম্পূৰ্ণ সফলতাৰে সম্পন্ন হৈছে।

আশা কৰিছো কম সময়ৰ ভিতৰতে সামাজিক কাম-কাজত পুনৰ জড়িত হ’ব পাৰিম।উল্লেখযোগ্য যে কা বিৰোধী আন্দোলনৰ সময়ত ২০১৯ চনৰ পৰা ২০২১ চনলৈ ১ বছৰ ৭ মাহ কাৰাগাৰত থকাৰ সময়ত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত আৰু তাৰপাছত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত মোৰ ছুপ্ৰাভেন্টিকুলাৰ টেকিকাৰ্ডিয়া নামৰ এই অসুখটো প্ৰথমে আৰম্ভ হৈছিল। তাৰ পৰৱতী সময়ত পুনৰ দুবাৰ এই ৰোগত আক্ৰান্ত হৈছিলোঁ। আৰু ইয়াৰে শেহতীয়াবাৰ আক্ৰান্ত হৈছিলোঁ দিল্লীত।

দিল্লীত আক্ৰান্ত হোৱাৰ পাছত গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়ত চিকিৎসা কৰাবলৈ গৈছিলোঁ যদিও মেডিকেল কলেজত এই ৰোগৰ অস্ত্ৰোপচাৰৰ সুবিধা নথকাৰ বাবে মোক বেংগালুৰুলৈ প্ৰেৰণ কৰা হৈছিল। বেংগালুৰুলৈ চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত কিছু আগতীয়া ধন অসম বিধান সভাৰ পৰা উলিয়াই দিয়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছিল সন্মানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰ, সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, প্ৰধান সচিব হেমেন দাস, অধ্যক্ষৰ সচিব সৌমেন বৰুৱা আৰু একাউণ্টচ বিভাগৰ বিষয়া বিমল শৰ্মাই। তেখেতসকল সকলোকে গভীৰ কৃতজ্ঞতা জনালোঁ।

Leave A Reply

Your email address will not be published.