danewsplus.com
danewsplus.com

দুৰ্নীতিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বেছি শূন্য সহনশীল

0 185

Special DGP জি-পি-সিঙৰ গুৰুত্বপূৰ্ণ টুইট
দুৰ্নীতিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বেছি শূন্য সহনশীল
সোণোৱালতকৈ ড° শৰ্মা অধিক কাৰ্যদক্ষ তথা সফল
এই তথ্য জি পি সিঙৰ টুইটত প্ৰকাশ পাইছে
জি পি সিঙৰ তুলনামূলক তালিকা প্ৰকাশ

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ একাংশ বিষয়া আৰু কৰ্মচাৰী দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হোৱাৰ লগতে গ্ৰেপ্তাৰবৰণ কৰিছে৷ এতিয়াও অৰ্ধশতাধিক চৰকাৰী বিষয়া কৰ্মচাৰী কাৰাগাৰত দিন কটাই আছে৷ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ তথ্য অনুসৰি ২০১৭ চনৰ পৰা ২০২১ চনৰ ভিতৰত ঘোঁচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হৈছিল-মাত্ৰ ৮০ জন চৰকাৰী বিষয়া-কৰ্মচাৰী।

ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বৰ চৰকাৰৰ কাৰ্যকালত অথাৎ ২০২১ চনৰ ১০ মেৰ পৰা বুধবাৰ দিনটোলৈকে মাত্ৰ ১৮ টা মাহৰ ভিতৰতে গ্ৰেপ্তাৰ হৈছে ৬৩ জন চৰকাৰী বিষয়া কৰ্মচাৰী৷ কম সময়তে ইমান সংখ্যা বৃদ্ধিৰ পৰা অৱশ্যে এটা কথা প্ৰতীয়মান হয় যে ৰাজ্য প্ৰশাসনত ঘোচঁখোৰৰ সংখ্যা হ্ৰাস পোৱা নাই বৰং বৃদ্ধি পাইছে।

অথাৎ দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কঠোৰ হুংকাৰ সত্বেও চৰকাৰী বিষয়া-কৰ্মচাৰীৰ পেটত হাত-ভৰি লুকুওৱা নাই।
এনে নিৰ্লজ্জ ঘোচখোৰ চৰকাৰী বিষয়া কৰ্মচাৰীক নিলম্বনৰ পৰিৱৰ্তে চাকৰিৰ পৰা বৰ্খাস্তকৰণ কৰিব লাগে বুলি বিভিন্ন সংগঠন তথা সচেতন মহলে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে৷

Leave A Reply

Your email address will not be published.