danewsplus.com
danewsplus.com

গুৱাহাটীত আধাঘণ্টা ধোঁৱাৰ বিভিন্ন ৰেখাৰে মনোমোহা প্ৰদৰ্শন বায়ুসেনাৰ

0 90

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ আকাশত বায়ুসেনাৰ সূৰ্য কিৰণ এৰ’বেটিক দলৰ যাদু৷ সূৰ্য কিৰণৰ ৯খন হাল কিৰণ মাৰ্ক-টু জেট বিমানে আজি প্ৰদৰ্শন কৰিলে আকৰ্ষণীয় এৰ’বেটিক৷ তেজপুৰৰ শালনি বিমানবন্দৰৰ পৰা উৰি অহা বিমানকেইখনে প্ৰায় ১০.৩৫ বজাত সূৰ্য কিৰণৰ ল’গ’ৰ আৰ্হিত প্ৰৱেশ কৰিলে ব্ৰহ্মপুত্ৰৰ ওপৰৰ আকাশত৷ ইয়াৰ পিছতে আৰম্ভ হ’ল এৰ’বেটিকৰ দলীয় আৰু ব্যক্তিগত নানা কলা-কৌশলৰ মনমোহা প্ৰদৰ্শন৷

ধোঁৱাৰ ৰেখাৰে লাচিতঘাট, কাছাৰী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ আকাশত ৰচিলে মায়াজাল৷ প্ৰদৰ্শন কৰিলে বেৰেল ৰোল, ইনভাৰ্টেড ফ্লায়িং, কিউবান এইট, ভাৰ্টিকেল ফ্লায়িং আদিৰ লগতে শিহৰণকাৰী ক্ৰিছ ক্ৰছিং৷ সূৰ্য কিৰণৰ এই এৰ’বেটিকে মন মুহিলে সকলোৰে৷ সূৰ্য কিৰণৰ পাইলটৰ দলটোত আছিল অসমসন্তান উইং কামাণ্ডাৰ ৰূপম বৰদলৈ৷

ইষ্টাৰ্ণ এয়াৰ কমাণ্ডে অসম চৰকাৰৰ সহযোগত আজি এইদৰে উদযাপন কৰিলে আজাদী কা অমৃত মহোৎসৱ৷ লাচিতঘাটৰ পৰা ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াবৰ্গ আৰু অন্যান্যসকলে দৰ্শন কৰিলে সূৰ্য কিৰণৰ এই এৰ’বেটিক৷

Leave A Reply

Your email address will not be published.