danewsplus.com
danewsplus.com

জুৱাৰ বিৰুদ্ধে হাউলীত আৰক্ষীৰ অভিযান

0 185

ডিজিটেল ডেস্কঃ জুৱাৰ বিৰুদ্ধে হাউলীত আৰক্ষীৰ অভিযানত ছয় জুৱাৰীক আটক । দীৰ্ঘদিন ধৰি হাউলীৰ খন্দকাৰপাৰাত এচাম দুষ্ট চক্ৰই টাচ জুৱাৰ আড্ডা পাতি জুৱাৰ ঘাটিত পৰিণত কৰিছিল সমগ্ৰ অঞ্চল । দুষ্ট চক্ৰটোৱে দৈনিক লক্ষাধিক টকাৰ জুৱা খেল পাতি সামাজিক পৰিবেশ বিনষ্ট কৰাৰ লগতে বহু লোকক সৰ্বহাৰা কৰি তুলিছিল । হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দ’ল এটাই আটক কৰে জুৱাৰী কেইজনক ।

আটকাধীন জুৱাৰী কেইজন ক্ৰমে হাউলীৰ হাজীপাৰাৰ হানিফ আলী, জিয়াৰুল তালুকদাৰ, আব্দুল ৰেজ্জাক, খন্দকাৰপাৰৰ আব্দুল ৰহমান আলী, চামচুল হ’ক, আব্দুল ৰহমান । জুৱাৰী কেইজনৰ লগতে আৰক্ষীয়ে নগদ ১২৯৫০ টকা, ছয়টা ম’বাইলসহ কিছু খেলৰ সামগ্ৰী জব্দ কৰে।

Leave A Reply

Your email address will not be published.