danewsplus.com
danewsplus.com

এখন হাই-ভল্টেজ খেল চাবৰ বাবে আপুনি সাজু নে?

0 152

ডিজিটেল ডেস্কঃ এছিয়া কাপ ক্ৰিকেটত আজি সন্মুখসমৰত ভাৰত-পাকিস্তান ৷ ডুবাই ইণ্টাৰনেচনেল ষ্টেডিয়ামত নিজৰ প্ৰথমখন খেলত চিৰশত্ৰু পাকিস্তানৰ বিৰুদ্ধে যুঁজত নামিব ভাৰত ৷ T20 বিশ্বকাপত পাকিস্তানক শোচনীয়ভাৱে পৰাস্ত কৰাৰ পিছত আজি প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব ভাৰত-পাকিস্তান ৷ আজিৰ মেচখন এছিয়া কাপত ভাৰতৰ দৰে পাকিস্তানৰো প্ৰথম মেচ৷ চূড়ান্ত একাদশত কোন কোন অন্তৰ্ভুক্ত হ’ব সেই লৈ এতিয়া ক্ৰিকেটপ্ৰেমীৰ মাজত চলি আছে ব্যাপক জল্পনা-কল্পনা ৷ অৱশ্যে সকলো ফালৰ পৰা অভিজ্ঞ খেলুৱৈহেযে মূল একাদশত স্থান পাব সেই কথা নিশ্চিত৷ বৰ্তমান পাকিস্তানৰ বলিং আক্ৰমণৰ মূল শক্তি ছাহিন আফ্ৰিদি আঘাতৰ বাবে দলত নাথাকে ৷

আজিৰ মেচত অংশগ্ৰহণেৰে এক নতুন অভিলেখ গঢ়িব ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলি ৷ ১০০খন টি২০ত দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব কোহলিয়ে ৷ ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে ১০০ বা ততোধিক মেচত দেশক প্ৰতিনিধিত্ব কৰা প্ৰথম ক্ৰিকেটাৰ হ’ব কোহলি ৷ আনহাতে আন এটা অভিলেখ স্পৰ্শ কৰাৰ সুযোগ পাব অধিনায়ক ৰোহিত শৰ্মাই ৷ ভাৰতীয় দলৰ অধিনায়ক হিচাপে কোহলিয়ে ৩০খন মেচত জয়লাভ কৰাৰ অভিলেখ গঢ়ি থৈছে৷ ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতে জয়লাভ কৰিছে ২৯খন মেচত৷ আজি পাকিস্তানক পৰাস্ত কৰিলে কোহলিৰ অভিলেখ স্পৰ্শ কৰিব ৰোহিত শৰ্মাই৷

Leave A Reply

Your email address will not be published.