danewsplus.com
danewsplus.com

বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি উদযাপন কৰা হৈছে বিশ্ব হস্তী দিৱস

0 127

ডিজিটেল ডেস্ক: আজি বিশ্ব হস্তী দিৱস৷ হস্তী দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচী লৈছে বন বিভাগে৷ কহঁৰা বনাঞ্চলৰ মিহিমুখত পুৱা বন বিভাগৰ পোহনীয়া হাতীসমূহক গা ধোৱাই পূজা কৰে বনকৰ্মীসকলে৷ ইয়াৰ পাছতে হাতী সমূহক স্বাস্থ্য পৰীক্ষা কৰে পশু চিকিৎসকে৷ অনুস্থানৰ লগত সংগতি ৰাখি অৱসৰ প্ৰাপ্ত বন বিভাগৰ হাতী মাউত সকলৰ লগতে কৰ্মৰত মাউত সকলক সম্বৰ্ধনা জনোৱা হয়৷ উল্লেখযোগ্য যে, ২০১২ চনত আজিৰ দিনটোত আৰম্ভ হোৱা বিশ্ব হস্তী দিৱসৰ পৰাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই এই দিৱস উদযাপন কৰি আহিছে ৷কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৬৫ টা বিভাগীয় পোহনীয়া হাতীয়ে পৰ্যটনৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষা দায়িত্ব পালন কৰি আহিছে ৷

মানাহ ৰাষ্ট্ৰীয় উদ্যানতো সমান্তৰালকৈ আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে বিশ্ব হস্তী দিৱস৷ উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলৰ মহল কেম্পত আয়োজন কৰা হৈছে নানা কাৰ্যসূচী৷ পুৱা হাতীসমূহক গা ধুৱাই চাফ চিকুণ কৰি ভেকচিন দিয়া হয়৷ যোগান ধৰা হয় নানা ফল-মূল৷

দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো অন্যান্য বছৰৰ দৰে এইবাৰো আন্তঃৰাষ্ট্ৰীয় হস্তী দিৱস পালন কৰা হৈছে।এই উপলক্ষে উদ্যান খনৰ‌ হস্তীক লৈ শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাৰ লগতে সজাগতা সভাতো মঙলদৈ বন সংমণ্ডলৰ প্ৰাধিকাৰী় প্ৰদীপ্ত বৰুৱা, বনকৰ্মী আৰু স্থানীয় ৰাইজে অংশগ্ৰহন কৰে। আনহাতে আগন্তুক স্বাধীনতা দিৱস‌ উপলক্ষে বনকৰ্মী সকলে ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচীও পালন কৰে।

Leave A Reply

Your email address will not be published.