danewsplus.com
danewsplus.com

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া ছিৰিজ দখল ভাৰতৰ

0 156

ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া ছিৰিজ দখল কৰিলে ভাৰতে ৷ ত্ৰিনিদাদ এণ্ড টবেগোৰ কুইন্স পাৰ্ক অউভেলত অনুষ্ঠিত তিনিখনীয়া শৃংখলাৰ দ্বিতীয় এদিনীয়াত ২ উইকেটত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰিলে টীম ইণ্ডিয়াই ৷ প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজে ছাই হোপৰ ১১৫, অধিনায়ক নিকোলাছ পুৰাণৰ ৭৪ ৰানৰ সহায়ত ৬ উইকেটত সংগ্ৰহ কৰে ৩১১ ৰান ৷ শ্বাৰ্দুল ঠাকুৰে তিনিটা, দীপক হুদা, অক্ষৰ পেটেল আৰু চহলে লাভ কৰে একোটাকৈ উইকেট ৷ ৩১২ ৰানৰ লক্ষ্য লৈ ভাৰতে স্বচ্ছন্দে আৰম্ভ কৰে ইনিংছ ৷ অক্ষৰ পেটেলৰ ৬৪, শ্ৰেয়াছ আয়াৰৰ ৬৩ আৰু সঞ্জু ছেমছনৰ ৫৪ আৰু শুভমন গীলৰ ৪৩ ৰানৰ সহায়ত ৪৯ অভাৰ ৪টা বলত ৮ উইকেটত নিৰ্ধাৰিত ৰান সংগ্ৰহ কৰি জয়লাভ কৰে ভাৰতে ৷

Leave A Reply

Your email address will not be published.