danewsplus.com
danewsplus.com

জু-নাৰেংগী ছাত্ৰ সন্থাৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা

0 156

ডিজিটেল ডেস্ক: মহানগৰীৰ জু-নাৰেংগী ছাত্ৰ সন্থাৰ উদ্যোগত উদীয়মান প্ৰতিভাৰ বিকাশৰ মহৎ প্ৰচেষ্টাৰে স্থানীয় বৃন্দাৱন গাৰ্ডেনত দেওবাৰে এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ প্ৰাক প্ৰাথমিকৰ পৰা দশমলৈ অধ্যয়নৰত অঞ্চলটোৰ শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনি শৈক্ষিক ভিত্তিত তিনিটা শাখাত অনুষ্ঠিত হয়৷ চিত্ৰাংকন প্ৰতিযোগিতাখনিত বিচাৰকৰ আসন অলংকৃত কৰে জনপ্ৰিয় দৃশ্যকলা শিল্পী তথা গৱেষক অদিতি ডেকা পাঠকে৷ প্ৰতিযোগিতাৰ আৰম্ভণিতে চিত্ৰকলা অংকনৰ নিয়ম আৰু বিষয়বস্তু নিৰ্বাচনক লৈ এটি মননশীল বক্তব্য প্ৰদান কৰে অদিতি ডেকা পাঠকে৷ প্ৰতিযোগিতাৰ তিনিওটা শাখাত প্ৰথম, দ্বিতীয়, তৃতীয় স্থানৰ উপৰি দুটাকৈ নিচুকনী বঁটা পোৱা মুঠ ১৫গৰাকী উদীয়মান শিল্পীক বঁটা প্ৰদান কৰা হয়৷

Leave A Reply

Your email address will not be published.