danewsplus.com
danewsplus.com

এইবাৰ বিধায়কক উচ্ছেদ কৰিব চৰকাৰে!

0 128

ডিজিটেল ডেস্কঃ ডেডলাইন ২০ জুলাই। ২০ জুলাইৰ ভিতৰত খালী কৰিব বিধায়ক আৱাস। ভাড়াঘৰ বিচাৰি বিধায়কৰ অভিযান

পুৰণি বিধায়ক আৱাস ভাঙি নতুনকৈ নিৰ্মাণ কৰিব লোৱা হৈছে দুটাকৈ বৃহৎ আট্টালিকা ৷ সেই উদ্দেশ্য বিধায়ক সকলক মে মাহতে বিধায়ক আৱাস খালি কৰিবলৈ দিয়া হৈছিল জাননী ৷ জাননীত বিধায়ক আৱাস খালি কৰিবলৈ ডেডলাইন দিয়া হৈছিল ২০ জুলাই ৷

ডেডলাইনৰ দিন চমু চাপি অহাৰ লগেলগে ভাড়াঘৰ বিচাৰি হাবাথুৰি খাইছে বিধায়কে ৷ বহু বিধায়কে এতিয়াও বিচাৰি পোৱা নাই ভাড়াঘৰ ৷ সেয়ে অধ্যক্ষ বিশ্বজিত দৈমাৰীলৈ আহ্বান বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ৷

“ ভাড়াঘৰ বিচাৰি আছোঁ ”
“ ঘৰ পালেই খালি কৰিম বিধায়ক আৱাস ”

নতুনকৈ আট্টালিকা নিৰ্মাণ কৰিবলৈ পুৰণি আৱাসত চলিছে উচঁছেদ অভিযান ৷ বিধায়ক আৱাসক ন-ৰূপ দিবলৈ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে প্ৰস্তুত কৰিছে ৰোড মেপ ৷ ইয়াৰ মাজতে বহু বিধায়কে প্ৰথম অৱস্থাত বিধায়ক আৱাস খালি নকৰা সিদ্ধান্ত লৈছিল যদিও এতিয়া খালি কৰা সিদ্ধান্ত লৈছে বিধায়ক সকলে ৷

অনাগত ৮ দিনৰ ভিতৰত কিমানজন বিধায়কে বিধায়ক আৱাস খালি কৰি ভাড়াঘৰত যায় সেয়া হব লক্ষণীয়৷

Leave A Reply

Your email address will not be published.