danewsplus.com
danewsplus.com

সোণাপুৰ কলেজৰ শিক্ষাৰ্থীৰ অভিনয়েৰে মঙলবাৰে বেংগালুৰুত চাবলৈ পাব “ভূমিকন্যা”

0 124

ডিজিটেল ডেস্কঃ সোণাপুৰ মহাবিদ্যালয়ৰ Theatre & Stage Craft (B.Voc) বিভাগৰ সহকাৰী অধ্যাপক মানিমালা দাসৰ ৰচনা, পৰিচালনা আৰু বিভাগটোৰ ছাত্ৰ-ছাত্ৰীসকলৰ অভিনয়ৰে মঙলবাৰে বেংগালুৰুত “ভূমিকন্যা” নামৰ নাটকখনি পৰিবেশন কৰা হ’ব। ১২ জুলাইৰ পৰা ১৬ জুলাইলৈ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে আয়োজন কৰা “পূৰ্বোত্তৰ ৰাষ্টীয় নাট সমাৰোহ”-২০২২ত প্ৰদৰ্শন কৰা হ’ব নাটকখন।

সমাৰোহৰ প্ৰথমদিনাই মানিমালা দাসৰ ভূমিকন্যা নামৰ নাটকখনি সোণাপুৰ কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে সন্ধিয়া ৭ বজাত মঞ্চস্থ কৰিব। সকলোৰে উপভোগ্য আৰু চিন্তাকৰ্ষক নাটকখনে ইতিমধ্যে বিভিন্ন মঞ্চত সফলতা অৰ্জন কৰাৰ লগতে দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। উল্লেখ্য যে, এই অনুষ্ঠানত উপস্থিত থাকিবলৈ বেংগালুৰুত বাস কৰা অসমীয়া লোকসকলক আয়োজকে আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.