danewsplus.com
danewsplus.com

IIT গুৱাহাটীৰ চমকপ্ৰদ উদ্ভাৱন, অতি কম খৰছতে বজাৰলৈ আহি আছে শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰ

0 159

ডিজিটেল ডেস্ক : IIT গুৱাহাটীৰ এক চমকপ্ৰদ উদ্ভাৱন। বিদ্যুৎ অবিহনেই শীত-তাপ নিয়ন্ত্ৰিত যন্ত্ৰৰ বিকল্প হিচাপে ব্যৱহাৰ হ’ব ৰেডিয়েটিভ কুলাৰ৷ আই আই টি গুৱাহাটীৰ “Electronics and Electrical engineering” বিভাগৰ এটা গবেষকৰ দলে উদ্ভাৱন কৰিছে এই ৰেডিয়েটিভ কুলাৰ ৷ বিভাগটোৰ গৱেষক ছাত্ৰ আশীষ কুমাৰ চৌধুৰীয়ে বিভাগটোৰ সহ : অধ্যাপক দেৱব্ৰত শিকদাৰ, M.Techৰ ছাত্ৰ অনুৰাগ ৰেড্ডীৰ সহযোগত এই উদ্ভাৱন সম্ভৱ কৰি তুলিছে ।

অতি কম খৰছতেই সকলোৱে ব্যৱহাৰ কৰিব পাৰিব এই ৰেডিয়েটিভ কুলাৰ । সম্পূৰ্ণ সৌৰশক্তিৰ দ্বাৰা পৰিচালিত এই যন্ত্ৰ৷ যন্ত্ৰটোৱে দিন ৰাতি সমানেই কাম কৰি চাৰিওফালৰ পৰিৱেশৰ শীত-তাপ নিয়ন্ত্ৰণ কৰিব পাৰে । ইতিমধ্যে যন্ত্ৰটোৰ পৰীক্ষা মূলক পৰ্যবেক্ষণ সম্পূৰ্ণ কৰা‌ হৈছে । এবছৰৰ ভিতৰতে বজাৰত ঊপলব্ধ হ’ব এই ৰেডিয়েটিভ কুলাৰ।

Leave A Reply

Your email address will not be published.