danewsplus.com
danewsplus.com

নতুন দিল্লীত চিইচিৰ নতুন শাখা মুকলি

0 237

ডিজিটেল ডেস্ক: অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত কম্পিউটাৰ আৰু কাৰিকৰী শিক্ষা প্ৰচাৰৰ ক্ষেত্ৰত গৌৰৱোজ্জ্বল ২৯সংখ্যক বৰ্ষত পদাৰ্পণ কৰা এক অগ্ৰণী শিক্ষানুষ্ঠান চিইচিৰ এটি শাখা নতুন দিল্লীৰ ইষ্ট অৱ কৈলাশ অঞ্চলত ১ জুলাই তাৰিখে উদ্বোধন কৰা হয়৷ চি ইচি ৰ প্ৰতিষ্ঠাপক সভাপতি দীপাংকৰ দত্তৰ উপস্থিতিত নতুন দিল্লীৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী গুৰুচৰণ সিঙে উদ্বোধন কৰা এই অনুষ্ঠানত অসমৰ প্ৰখ্যাত যোগগুৰু অৰুণিমা দত্ত উপস্থিত থাকে ৷

বহুকেইটা অত্যাধুনিক কম্পিউটাৰেৰে স্থাপন হোৱা চিইচিৰ নতুন দিল্লীস্থিত এই শাখাটোৱে চিইচিৰ গুৱাহাটীস্থিত মুখ্য কাৰ্য্যালয়ৰ দ্বাৰা অনুমোদিত কম্পিউটাৰ শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰম আগবঢ়াব।

উত্তৰ পূৰ্বাঞ্চলত ১৭৫টাতকৈও অধিক শাখাৰে যোৱা তিনিটা দশকত প্ৰায় পাঁচ লাখতকৈও অধিক ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষিত কৰা অসমৰ এই প্ৰতিষ্ঠানটোৱে প্ৰথমবাৰলৈ দেশৰ ৰাজধানীত এই শিক্ষা কেন্দ্ৰটো স্থাপন কৰিছে ৷

১৯৯৪ চনত চি ইচি ৰ প্ৰতিষ্ঠাপক দীপাংকৰ দত্তই মাত্ৰ দুটা কম্পিউটাৰেৰে স্থাপন কৰা এই শিক্ষা প্ৰতিষ্ঠানটোৰ শাখা পৰ্যায়ক্ৰমে দেশৰ আন আন অঞ্চলতো আৰম্ভ কৰা হ’ব৷

Leave A Reply

Your email address will not be published.