danewsplus.com
danewsplus.com

অসমলৈ লখিমী আহিছে, মুখ্যমন্ত্ৰীৰ মনত সুখ…

0 146

ডিজিটেল ডেস্কঃ

অসমলৈ লখিমী আহিছে
হোটেলৰ ৰুমৰ ভাৰা পাইছে
GST পাব চৰকাৰে

বানপানীৰ মাজতে মহাৰাষ্ট্ৰৰ পৰা হঠাতে ধনৰ সোঁত বৈছে অসমলৈ৷ তাকে কৈছে মুখ্যমন্ত্ৰীয়ে৷ এই যে মহাৰাষ্ট্ৰৰ ৰাজনীতিত গৃহকন্দল চলিছে তাৰ বাবে বোলে লাভ হৈছে অসমৰ৷ প্ৰাকৃতিক দুৰ্যোগত বহু ক্ষতি হৈছে ৰাজ্যখনত৷ জোৰা-টাপলি মাৰিব পৰাকৈ কিবা অলপ আহিল তেওঁ৷ মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া কথাষাৰ সঁচাই হ’ব৷

ৰাজনীতিৰ হিচাপ যিয়েই নহওক৷ অৰ্থনীতিৰ হিচাপটো মুখ্যমন্ত্ৰীয়ে ৰাখিছে৷ মহাৰাষ্ট্ৰৰ চৰকাৰী পক্ষৰ বিদ্ৰোহী ৪০ বিধায়কে বাহৰ পাতিছে গুৱাহাটীৰ ফাইভ ষ্টাৰ হোটেলত৷ একেলগে কমেও ৪০টা ৰুম ভাৰা হৈছে৷

চৰকাৰে ৰুম ভাৰাৰ পৰা GST হিচাপত বহুত টকা পাব৷ ৰাজনীতি যি হয় হৈ থাকক, লখিমী হৈ অহা টকাকেইটা কিন্তু আমাক লাগে৷ উন্নয়নৰ স্বাৰ্থত এনে টকাৰ প্ৰয়োজন আছে৷ পিছে, মুখ্যমন্ত্ৰীয়ে হোটেল ৰাজনীতিৰ আচল কথাখিনি নক’লে৷

Leave A Reply

Your email address will not be published.