danewsplus.com
danewsplus.com

দিশহাৰা গুৱাহাটী, একাধিক স্থানত পুনৰ ভূমিস্খলন

0 188

ডিজিটেল ডেস্কঃ দিশহাৰা গুৱাহাটী
একাধিক পুনৰ ভূমিস্খলন

মুষৰধাৰ বৰষুণে ভয়ংকৰ বিপদ মাতি আনিছে গুৱাহাটীবাসীলৈ৷ বিশেষভাৱে পাহাৰত বাস কৰা লোকসকলে প্ৰতিক্ষণে যেন গণিছে বিপদৰ আশংকা৷ বৰাগাঁৱত ভূমিস্খলনত ৪জন লোকৰ মৃত্যুৰ পিছত গুৱাহাটীৰ একাধিক স্থানত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা৷
হেঙেৰাবাৰী, নাৰেংগী, কাহিলিপাৰাত ভূমিস্খলন
গুৱাহাটীৰ আন কেইবাটাও স্থানতো খহিছে পাহাৰ
এয়া হেঙেৰাবাৰীৰ দৃশ্য৷ চাওক কি এক ভয়ংকৰ পৰিৱেশ৷ পাহাৰৰ পৰা খহি অহা মাটিয়ে হেঁচা মাৰি ধৰিছে দুটা বাসগৃহ৷ বিপদসংকুল অৱস্থাত আছে আন ৫টা ঘৰ৷ বৰষুণৰ মাজতে বুধবাৰে পুৱা ৮ মান বজাত হেঙেৰাবাৰীৰ নৱ নগৰত ঘটে এই ভূমিস্খলনৰ ঘটনা৷
কাহিলিপাৰাৰ ৰাজীৱ নগৰত ঘটে ভূমিস্খলনৰ ঘটনা৷ বাসগৃহৰ ওপৰতে খহি পৰে গাৰ্ডৱালসহ পাহাৰৰ পথৰ এটা অংশ৷
নাৰেংগীৰ ২নং কেন্দুগুৰিতো ভূমিস্খলনৰ ঘটনা৷ ভূমিস্খলনৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা৷
গুৱাহাটীৰ আন কেইবাটাও স্থানত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা৷ উত্তৰ গুৱাহাটীতো ঘটিছে ভূমিস্খলনৰ ঘটনা৷ খহি পৰিল অশ্বক্লান্ত দেৱালয়লৈ যোৱা মূল পথৰ গাৰ্ডৱাল৷

Leave A Reply

Your email address will not be published.