danewsplus.com
danewsplus.com

ভাৰতত ৰক্তপাতৰ হুংকাৰ আল কায়দাৰ

0 134

ডিজিটেল ডেস্কঃ ভাৰতত ৰক্তপাতৰ হুংকাৰ আল কায়দাৰ
হিন্দু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে জেহাদ আল কায়দাৰ
হজৰত মহম্মদক লৈ বিতৰ্কিত মন্তব্যত ক্ষুণ্ণ আল কায়দা
আল কায়দাৰ পত্ৰই জোকাৰিছে ভাৰত

এখন পত্ৰ৷ বিশ্বত্ৰাস সন্ত্ৰাসবাদী আল কায়দাৰ ভাৰতীয় সংগঠন আকিছৰ কেন্দ্ৰ চৰকাৰ তথা ভাৰতবাসীলৈ পত্ৰ এইখন৷ এই
পত্ৰখনৰ প্ৰতিটো বাক্যতে ভাৰতৰ বিৰুদ্ধে ঘৃণা পৰিস্ফূত
ভালদৰে মন কৰক এই পত্ৰখনলৈ৷ ইংৰাজী ভাষাত লিখা এই পত্ৰখনত আল কায়দাৰ ভাৰতীয় সংগঠন আল কায়দা ইন দা ছাবকণ্টিনেণ্টে ভাৰতত হিন্দুত্ববাদী সংগঠনৰ উত্থান সম্পৰ্কত চোকা ভাষাৰে সমালোচনা কৰিছে
২ বিজেপি নেতাৰ মন্তব্যৰ পিছতে কুটাঘাতৰ হুংকাৰ আল কায়দাৰ
সংগঠনটোৱে ভাৰতৰ ৪খন চহৰত ৰক্তপাতৰ সূচনা কৰাৰ স্পষ্ট ইংগিত দিছে৷
আকিছৰ টাৰ্গেটত দিল্লী, মুম্বাই, উত্তৰ প্ৰদেশ আৰু গুজৰাট
হজৰত মহম্মদক অপমান কৰাসকলক হত্যা কৰা হ’ব: আল কায়দা

সংগঠনটোৱে কূটাঘাতমূলক কাৰ্যত প্ৰাপ্তবয়স্কৰ লগতে শিশুক ব্যৱহাৰ কৰিব৷
শিশুক আত্মঘাতী বোমাৰু হিচাপে ব্যৱহাৰ কৰাৰ ভাবুকি
ভাৰতৰ হিন্দু শক্তিৰ বিৰুদ্ধে হুংকাৰ দি আল কায়দায় পত্ৰত উল্লেখ কৰে যে
‘আমি হজৰত মহম্মদৰ সন্মানৰ বাবে যুঁজ দিমেই’
‘আমি বৃহৎ জয় সাব্যস্ত কৰিম, পৰাভূত হ’ব শত্ৰু’
হিন্দুত্বৰ বিৰুদ্ধে আনকো যুঁজাৰ আহ্বান আল কায়দাৰ

এই পত্ৰখন প্ৰকাশ পোৱাৰ পিছতে কেন্দ্ৰ চৰকাৰৰ মাজত বাঢ়িছে তৎপৰতা৷ আল কায়দাৰ এই ভাবুকিক চৰকাৰে কি দৰে প্ৰত্যাহ্বান জনাব সেয়া হ’ব লক্ষণীয়৷

Leave A Reply

Your email address will not be published.