danewsplus.com
danewsplus.com

মেট্ৰিক পৰীক্ষাৰ ফলাফলত উন্মোচিত হ’ল চৰকাৰী খণ্ডৰ শিক্ষাৰ প্ৰকৃত স্বৰূপ

0 90

ডিজিটেল ডেস্কঃ আজি ঘোষণা হ’ল বহু প্ৰত্যাশিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল৷ আশা কৰা ধৰণেই এইবাৰো মেট্ৰিকৰ ফলাফলত দেখা গ’ল ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ জয়জয়কাৰ৷ ব্যক্তিগত বিদ্যালয়ৰ ওচৰত চৰকাৰী বিদ্যালয়ৰ শোচনীয় পৰাজয়ৰ নতি স্বীকাৰ কৰিলে স্বয়ং শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷

চৰকাৰী বিদ্যালয়ত শিক্ষক আৰু আন্তঃগাঁথনিৰ অভাৱ
মেট্ৰিক পৰীক্ষাৰ ফলাফলত উন্মোচিত হ’ল চৰকাৰী খণ্ডৰ শিক্ষাৰ প্ৰকৃত স্বৰূপ
চাহবাগিছা,জনজাতীয় অধ্যুষিত অঞ্চলত শোচনীয় ফলাফল
শিক্ষামন্ত্ৰীয়ে স্বীকাৰ কৰিলে চৰকাৰী শিক্ষাখণ্ডৰ পঁয়ালগা অৱস্থাৰ কথা
বিগত চাৰি বছৰৰ ভিতৰত সৰ্বনিম্ন উত্তীৰ্ণ হাইস্কুল শিক্ষান্ত পৰীক্ষাত

মঙলবাৰে ঘোষণা হ’ল বহু প্ৰত্যাশিত হাইস্কুল আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল৷ আশা কৰা ধৰণেৰেই এইবাৰো মেট্ৰিক পৰীক্ষাৰ ফলাফলত দেখা গ’ল ব্যক্তিগত শিক্ষা খণ্ডৰ জয়জয়কাৰ৷

পৰিৱৰ্তে দেখা গ’ল চৰকাৰী শিক্ষাখণ্ডৰ পুতৌ লগা ছবি৷
স্থান লাভ কৰা অধিকাংশই ব্যক্তিগত শিক্ষাখণ্ড

চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ এনে হতাশজনক ফলাফলক নতশিৰে স্বীকাৰ কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷ চৰকাৰী বিদ্যালয়ৰ অনুন্নত আন্তঃগাঁথনি আৰু পৰ্যাপ্ত শিক্ষকৰ অভাৱেই ইয়াৰ মূল কাৰণ বুলি উল্লেখ কৰিলে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে৷
চিৰাং, কাছাৰ, কাৰ্বিআংলঙৰ দৰে জনজাতীয় অধ্যুষিত জিলাত নিম্নগামী হৈছে পৰীক্ষাৰ ফলাফল
চাহবাগিছা অঞ্চলতো চৰকাৰী শিক্ষা বহু পিছ পৰি আছে

ক’ভিড কেন্দ্ৰীক পৰিৱেশৰ বাবে সদ্যঘোষিত হাইস্কুল আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলৰ হাৰ এইবাৰ নিম্নগামী হোৱা বুলি উল্লেখ কৰাৰ লগতে চৰকাৰী শিক্ষাখণ্ডৰ হতাশ ফলাফলৰ বিষয়ে বিতং অধ্যয়ণ কৰিবলৈ ছেবাক দায়িত্ব দিয়া হৈছে বুলি মন্তব্য কৰিলে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে৷
হাইমাদ্ৰাছাৰ ফলাফলকলৈও প্ৰতিক্ৰিয়া প্ৰকাশ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ৷
হাইমাদ্ৰাছা পৰীক্ষাৰ এইটোৱেই শেষ ফলাফল
হাইমাদ্ৰাছাৰ সকলোবোৰ বিদ্যালয়েই সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত কৰা হৈছে

নতুন শিক্ষানীতি সন্দৰ্ভতো মন্তব্য দিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷
নতুন শিক্ষা নীতি প্ৰৱৰ্তন হ’লেও অনুষ্ঠিত হ’ব দশম শ্ৰেণীৰ পৰীক্ষা
প্ৰথম দহটা স্থানৰো ব্যৱস্থা থাকিব দশম শ্ৰেণীৰ পৰীক্ষাত

মঙলবাৰে ঘোষণা হোৱা মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফলত চৰকাৰী খণ্ডৰ বিদ্যালয়ে প্ৰদৰ্শণ কৰা শোচনীয় ফলাফলক সমালোচনা কৰিলে বিৰোধী শিবিৰেও৷
‘চৰকাৰী বিদ্যালয়ে সকলো সুবিধা লাভ কৰাৰ পাছতো প্ৰদৰ্শণ ভাল কৰিব নোৱাৰিলে’
‘চৰকাৰে গুণোৎসৱ পাতিছে,কিন্তু ফলাফল ভাল কৰাব নোৱাৰিলে’
এই মন্তব্য কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন চিকদাৰৰ৷
কেৱল সিমানেই নহয়, আগন্তুক দিনত চৰকাৰী খণ্ডৰ বিদ্যালয়ে যাতে ব্যক্তিগত খণ্ডৰ শিক্ষাখণ্ডৰ লগত সমানে ফেৰ মাৰিব পাৰে তাৰো ব্যৱস্থা কৰিবলৈ চৰকাৰক পৰামৰ্শ দিলে কংগ্ৰেছ বিধায়কগৰাকীয়ে৷

Leave A Reply

Your email address will not be published.