danewsplus.com
danewsplus.com

এভাৰেষ্ট আৰোহী হেদায়েৎ আলীক উষ্ম সম্বৰ্ধনা এক্সপ্ল’ৰাৰ্ছৰ

0 214


ডিডিটেল ডেস্কঃ যোৱা ১২ মে’ত বিশ্বৰ সৰ্বোচ্চ মাউণ্ট এভাৰেষ্টৰ চূড়া জয় কৰি অসমলৈ অহা হেদায়েৎ আলীক অগ্ৰণী দুঃসাহসিক ক্ৰীড়া সংগঠন এক্সপ্ল’ৰাৰ্ছে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ হোটেল লেণ্ডমাৰ্কত এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত এভাৰেষ্ট আৰোহীজনক সম্বৰ্ধনা জনোৱা হয় ৷ এভাৰেষ্টৰ আৰোহণৰ বাবে ৯ বছৰ ধৰি দেখা সপোন বাস্তৱায়িত কৰাৰ বাবে শাৰীৰিক-মানসিকভাৱে যথেষ্ট পৰিশ্ৰম কৰা বুলি আলীয়ে জানিবলৈ দিয়ে ৷ এভাৰেষ্টৰ বক্ষত পৰিচিত ব্যক্তিৰ মৃতদেহৰ কাষেদি ওপৰলৈ আৰোহণ কৰি মনত পোৱা বেদনাৰ বিষয়ে তেওঁ উল্লেখ কৰে ৷

ইতিমধ্যে এভাৰেষ্টৰ উপৰিও তিনিখন মহাদেশৰ আন তিনিটা শিখৰ হেদায়েৎ আলীয়ে আৰোহণ কৰিছে৷ দক্ষিণ আমেৰিকাৰ সৰ্বোচ্চ শিখৰ মাউণ্ট একনাকাগুৱা, আফ্ৰিকাৰ সৰ্বোচ্চ কিলিমাঞ্জাৰো আৰু ইউৰোপৰ সৰ্বোচ্চ মাউণ্ট এলব্ৰাছৰ শীৰ্ষত ইতিমধ্যে গামোচা উৰুৱাইছে বৰ্তমান যুক্তৰাষ্ট্ৰৰ চিলিকনভেলী নিবাসী হেদায়েৎ আলীয়ে ৷ হাজোৰ দামপুৰ গাঁৱৰ পৰা গৈ যুক্তৰাষ্ট্ৰত থিতাপি লোৱা ছফটৱেৰ ইঞ্জিনিয়াৰ হেদায়েৎ আলীয়ে অনুষ্ঠানত এভাৰেষ্ট অভিযানৰ আন বহু অভিজ্ঞতা অনুষ্ঠানত বৰ্ণনা কৰে ৷

হেদায়েৎ আলীৰ অভিযানৰ আন এক বিশেষত্ব হৈছে ৫১ বছৰ বয়সত এটা আন্তৰ্জাতিক পৰ্বতাৰোহণ অভিযানৰ নেতৃত্ব দি এভাৰেষ্ট শিখৰ জয় কৰাটো ৷ এক্সপ্ল’ৰাৰ্ছ সংগঠনে জাপি, ফুলাম গামোচা, আৰনাই, চাদৰ, স্মাৰক প্ৰদান কৰি এভাৰেষ্ট আৰোহীজনক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে ৷ অনুষ্ঠানত অসম অলিম্পিক সন্থা, অসম কেনয়িং এণ্ড কায়াকিং সন্থা আদি সংগঠনেও সম্বৰ্ধনা জ্ঞাপন কৰে ৷

এক্সপ্ল’ৰাৰ্ছৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱাৰ পৌৰহিত্যত আয়োজিত এই অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, অসম ক্ৰীড়া সাংবাদিক সন্থাৰ সভাপতি সুবোধ মল্ল বৰুৱা, প্ৰণয় বৰদলৈ আদিয়েও হেদায়েৎ আলীক অভিনন্দন জনাই বক্তব্য দাঙি ধৰে ৷

Leave A Reply

Your email address will not be published.