danewsplus.com
danewsplus.com

মাউণ্ট এভাৰেষ্টৰ শীৰ্ষত অসম সন্তান হেডায়েৎ আলী

0 179

ডিজিটেল ডেস্ক: আজি পুৱা এভাৰেষ্ট জয় কৰিলে হেদাডায়েৎ আলীয়ে।

মাউণ্ট এভাৰেষ্ট জয় কৰিলে আৰু এজন অসমীয়াই…

বৃহস্পতিবাৰে পুৱা ৭.৩০ বজাত শীৰ্ষত থিয় হ’ল হেদায়েৎ আলী। এভাৰেষ্ট আৰোহণ কৰা হেদায়েৎ আলী হ’ল সপ্তমগৰাকী অসমীয়া।

আজি পুৱা এভাৰেষ্ট জয় কৰিলে হেদাডায়েৎ আলীয়ে৷ হাজোৰ হেদায়েৎ আলী সম্প্ৰতি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিবাসী।

বিশ্বৰ সৰ্বোচ্চ শিখৰ মাউণ্ট এভাৰেষ্টে সদায়েই আকৰ্ষিত কৰি আহিছে পৰ্বতাৰোহী সমাজক৷ এতিয়ালৈ তিনি সহস্ৰাধিক পৰ্বতাৰোহীয়ে মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিলেও ২৯ হাজাৰ ২৮ ফুট উচ্চতাৰ আকৰ্ষণ আজিও কমা নাই৷ এই আকৰ্ষণৰ প্ৰতি সঁহাৰি জনাই বৃহস্পতিবাৰে পুৱা এভাৰেষ্টৰ শীৰ্ষত থিয় হ’ল এজন অসম সন্তান হেদায়েৎ আলী৷ এটা আন্তঃৰাষ্ট্ৰীয় অভিযানৰ সদস্য হৈ হেদায়েৎ আলীয়ে এই বিৰল কৃতিত্ব অৰ্জন কৰে৷

হাজোৰ দামপুৰৰ নিবাসী আছিল হেদায়েৎ আলী, সম্প্ৰতি তেওঁ যুক্তৰাষ্ট্ৰৰ ছিলিকন ভেলীত কৰ্মৰত। ১৯৯৯ চনত তেওঁ যুক্তৰাষ্ট্ৰলৈ গৈছিল কৰ্মৰ সন্ধানত। ছফ্টৱেৰ অভিযন্তা হিচাপে কৰ্মৰত হেদায়েতৰ নিচা পৰ্বতাৰোহণ।
হেদায়েৎ আলীয়ে ২০২০ চনতো মাউণ্ট এভাৰেষ্ট আৰোহণৰ চেষ্টা চলাইছিল৷ অৱশ্যে ক’ভিড পৰিস্থিতিৰ বাবে সেইবাৰ আধাতে অভিযান সামৰিবলগীয়া হয় হেদায়েতে৷ পূৰ্বেও তেওঁ কেইবাটাও পৰ্বতাৰোহণ অভিযানত সফলতাৰে অংশ লৈছিল৷

এভাৰেষ্ট আৰোহণৰে ৪ মহাদেশৰ ৪টা সৰ্বোচ্চ শিখৰ জয়। ২০১৯ত দক্ষিণ গোলাৰ্ধৰ সৰ্বোচ্চ শৃংগ আৰ্জেণ্টিনাৰ মাউণ্ট একংকাগুৱা আৰোহণ। ২০১৯তে ইউৰোপৰ সৰ্বোচ্চ শৃংগ ৰাছিয়াৰ মাউণ্ট এলব্ৰাছ আৰোহণ। ২০১৮ত আৰোহণ কৰিছিল আফ্ৰিকাৰ সৰ্বোচ্চ শিখৰ মাউণ্ট কিলিমাঞ্জাৰোও।

হেদায়েৎ আলী পত্নী জুতি আলী আৰু ৩ সন্তাৰ সৈতে যুক্তৰাষ্ট্ৰৰ কালিফৰ্ণিয়াৰ ফ্ৰীমণ্টৰ বাসিন্দা৷ যোৰহাট ইঞ্জিনীয়াৰিং কলেজৰ স্নাতক হেদায়েৎ আলীৰ এই সাফল্যত উৎফুল্লিত অসমৰ পৰ্বতাৰোহী সমাজ৷ গুৱাহাটীৰ এক্সপ্ল’ৰাৰ্ছ (Explorers) ক্লাবে আলীক জনাইছে শুভেচ্ছা৷ ডা নিউজ প্লাছৰ তৰফৰ পৰাও হেদায়েৎ আলীলৈ থাকিল অলেখ শুভেচ্ছা৷

Leave A Reply

Your email address will not be published.