danewsplus.com
danewsplus.com

কলিয়াবৰত সুলভ মূল্যৰ চাউল বিতৰণত অনিয়মৰ অভিযোগ

0 88

ডিজিটেল ডেস্ক: নগাঁৱৰ কলিয়াবৰত সুলভ মূল্যৰ চাউল বিতৰণৰ নামত অনিয়ম হোৱাৰ অভিযোগ উঠিছে৷ কলিয়াবৰৰ ভলাগুৰি সত্ৰ সমবায় সমিতিৰ অন্তৰ্গত সুলভ মূল্যৰ দোকানৰ এজেণ্টে হিতাধিকাৰীক পৰ্যাপ্ত চাউল বিতৰণ নকৰাৰ অভিযোগ উঠিছে৷

একাংশ এজেণ্টে ৰেচন কাৰ্ডত হিতাধিকাৰীয়ে পাবলগা চাউলৰ পৰিমাণ লিখি বিতৰণ কৰে কম পৰিমাণৰ চাউল৷ এনেদৰে হিতাধিকাৰীৰ পৰা ৩ কেজিপৰ্যন্ত চাউল কাটি ৰাখে এজেণ্টে৷ এনে দুৰ্নীতিপৰায়ণ এজেণ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তুলিছে ভলাগুৰিৰ ৰাইজে৷

Leave A Reply

Your email address will not be published.