danewsplus.com
danewsplus.com

নাৰী, সুৰা আৰু ৰাহুল গান্ধী…

0 220

ডিজিটেল ডেস্ক:

কেইছেকেণ্ডমানৰ ভিডিঅ’ই এতিয়া তোলপাৰ লগাইছে দেশৰ ৰাজনীতিক

যি সময়ত প্ৰধানমন্ত্ৰীৰ ইউৰোপ ভ্ৰমণক কংগ্ৰেছে কটাক্ষ কৰি আছে, সেই সময়ত নাইট ক্লাবত ৰঙীণ মুডত দেখা গ’ল কংগ্ৰেছৰ যুৱৰাজক।

ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই বিজেপিৰ IT চেলৰ মুৰব্বী অমিত মালৱী, বিজেপি নেতা মনোজ তিৱাৰী আৰু কেন্দ্ৰীয় কিৰেন ৰিজিজু (Kiren Rijiju)ৱেও কটাক্ষ কৰে ৰাহুল গান্ধী আৰু গান্ধী পৰিয়ালক। এইক্ষেত্ৰত ৰাহুল গান্ধী ধাৰাবাহিক বুলি মন্তব্য কৰে অমিত মালৱীয়ে।

মনোজ তিৱাৰীয়ে টুইটযোগে কয় ‘কংগ্ৰেছ পাৰ্টীহে ডুবিছে, নিজে পাৰ্টী কৰাত কি অসুবিধা আছে?’

উত্তৰ প্ৰদেশ বিজেপিৰ ছচিয়েল মিডিয়া সহ-আহ্বায়ক শশী কুমাৰে অভিযোগ কৰে যে ভিডিঅ’টোত ৰাহুল গান্ধীৰ সৈতে পাৰ্টী কৰি থকা মহিলাগৰাকী হৈছে নেপালত থকা চীনৰ ৰাষ্ট্ৰদূত আৰু কংগ্ৰেছক এই বিষয়ত ব্যাখ্যা আগবঢ়াবলৈয়ো দাবী জনায়।

একেই অভিযোগ উত্থাপন কৰে প্ৰাক্তন সাংসদ কপিল মিশ্ৰায়ো। তেওঁ লগতে কয় যে যিহেতু তেওঁ অন্য দেশৰ ৰাষ্ট্ৰদূতৰ সৈতে সময় কটাইছে সেয়ে এইটো ৰাহুল গান্ধীৰ ব্যক্তিগত জীৱনৰ বিষয়ে হৈ থকা নাই, ই এতিয়া দেশৰ বিষয়।

পিছত গান্ধী পৰিয়াল তথা কংগ্ৰেছ দলে ৰাহুল গান্ধীয়ে নৈশ ক্লাৱত পাৰ্টী কৰি থকাৰ অভিযোগ পোনছাটেই নাকচ কৰে। আৰু কয় যে ৰাহুলৰ নেপালৰ সাংবাদিক বন্ধু সুম্নিমা উদাসৰ বিয়াৰ দৃশ্যহে এইয়া। বিয়াৰ অনুষ্ঠান হৈছিল কাঠমাণ্ডুৰ মাৰিয়ট হোটেলত।

Leave A Reply

Your email address will not be published.